ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ স্মৃতিত ৰাজহুৱা স্মৃতিচাৰণ সভা

author img

By

Published : Apr 28, 2021, 10:58 PM IST

পিতৃৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পিতৃ গৃহত আজি ৰাজহুৱা স্মৃতিচাৰণ সভা ৷ ৰাজহুৱা স্মৃতিচাৰণ সভাত পূৰ্বজ্যোতি নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন । স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, লেখিকা জুলীয়ানা বেগমে ।

smritisaron-sobha-of-journalist-purbajyoti-chutia
মৰাণত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

মৰাণ, 28 এপ্ৰিল : মৰাণৰ পিতৃ গৃহত আজি ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ । চুতীয়াৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই ৰাজহুৱা স্মৃতিচাৰণ সভাত পূৰ্বজ্যোতি নামেৰে এইখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট কবি, লেখিকা জুলীয়ানা বেগমে । মৰাণৰ সাংবাদিক, ক্ৰীড়া সংগঠক, জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে মৰাণৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় সাংবাদিক জনৰ স্মৃতিচাৰণ সভা । এই সভাতে সাংবাদিকগৰাকীৰ হত্যাৰ উচিত তদন্ত কৰিবলৈ দাবী জনালে সচেতন মহলে ।

মৰাণত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

উল্লেখ যে, নিয়মীয়া বাৰ্তা নামৰ বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল মহানগৰীৰ হাতীগাঁৱস্থিত বাসগৃহৰ সন্মুখৰ নলাত । পৰিয়ালৰ লোকে জনোৱা মতে, মাজনিশা পানীৰ মটৰৰ চুইছ অন কৰিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি আহিছিল চুতীয়া । তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল সাংবাদিক গৰাকী । পূৰ্বজ্যোতি চুতীয়াৰ পিতৃ আছিল স্বৰ্গীয় তৰুণ চুতীয়া ।

৯২চনৰ পৰাই সংবাদ ক্ষেত্ৰৰে জড়িত হৈ পৰা পূৰ্বজ্যোতি চুতীয়াৰ পিতৃয়ে ১৯৭২ চনত মৰাণৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । এজন শ্ৰমিক নেতা হিচাপে মৰাণৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল পূৰ্বজ্যোতি চুতীয়াৰ পিতৃ স্বৰ্গীয় তৰুণ চুতীয়া । পূৰ্বজ্যোতি চুতীয়াও গুৱাহাটীলৈ যোৱা আগলৈকে মৰাণৰ প্ৰায় সকলো অনুষ্ঠানৰ লগত জড়িত আছিল ।

লগতে পঢ়ক : বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.