ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড, কথমপি ৰক্ষা শতাধিক শিশুৰ জীৱন

author img

By

Published : Nov 12, 2021, 2:13 PM IST

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (AMCH) শিশু ৰোগ বিভাগৰ আই চি ইউত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিভাগৰ আই চি ইউত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড
অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড

ডিব্ৰুগড় , 12 নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ৰ শিশু ৰোগ বিভাগত বুধবাৰে নিশা সংঘটিত হৈছিল এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভয়াৰ্ত ৰোগীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি ছাৰখাৰ হৈ যায় এটা আই চি ইউ মনিটৰ ৷ ভয়াৱহ অঘটনৰ পৰা ৰক্ষা পৰিল চিকিৎসাধীন শতাধিক শিশু ৷

short circuit at amch
ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিভাগৰ আই চি ইউত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড

ইয়াৰ পাচতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ৰ শিশু ৰোগ বিভাগৰ আই চি ইউত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বুজ ল'লে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (Pallab Gopal Jha) ৷

উপায়ুক্তৰ উপস্থিতিত উক্ত স্থানতে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকন, অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ক্ৰমে অধ্যক্ষ আৰু অধীক্ষকৰ উপৰিও অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ পুনৰ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷

লগতে চাওক :মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.