ETV Bharat / state

স্বাৱলম্বনৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা

author img

By

Published : Dec 13, 2021, 12:08 PM IST

স্বাৱলম্বীতাৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা
স্বাৱলম্বীতাৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা

কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশে এখোজ আগুৱাইছে নাহৰকটীয়াৰ তিনিগৰাকী মহিলা(Success story of three women at Naharkatia) ৷ আন দহগৰাকী নাৰীৰ আদৰ্শ হৈ পৰিছে মহিলা তিনিগৰাকী ৷

মৰাণ, 13 ডিচেম্বৰ : কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশে এখোজ আগুৱাইছে নাহৰকটীয়াৰ তিনি গৰাকী মহিলা(Success story of three women at Naharkatia) ৷ আন দহগৰাকী নাৰীৰ বাবে আদৰ্শ হৈছে এই তিনিগৰাকী মহিলা(three women towards being self reliant) ৷

নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকী নাৰীৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে নাহৰকটীয়াৰ ডেইলী বজাৰৰ ৰীতা হাজৰিকা গোঁহাই, কৃষ্ণা চেংলাৰী গগৈ আৰু নিগাম অঞ্চলৰ মালক্ষী সোণোৱাল । এই তিনি মহিলাই স্বামীৰ পৰা হাত খৰচ হিচাপে পোৱা ধন কোনো ধৰণৰ অলাগতিয়াল কামত খৰচ নকৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে ৷ মহিলা কেইগৰাকীয়ে আৰম্ভ কৰিছে সৰিয়হৰ খেতি ।

স্বাৱলম্বীতাৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা

এই তিনি মহিলাই সেউজ আত্মসহায়ক গোট নামেৰে এটা গোট খুলি চাচনীৰ গটঙৰ গৰুৱামাৰী গাঁৱত ১৬ বিঘা মাটিত প্ৰায় ৮০ হাজাৰ টকা খৰচ কৰি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে সৰিয়হৰ খেতি(Mustard cultivation at naharkatiya)। সামাজিক মাধ্যম বা অনলাইন শ্বপিঙত ব্যস্ত নাথাকি কৃষিকৰ্মত ব্যস্ত হৈ পৰিছে মহিলাকেইগৰাকী ৷

লগতে পঢ়ক : শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি কৃষিকৰ্মৰে জীৱন সংগ্ৰাম মৰাণৰ কৰ্ণজিতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.