ETV Bharat / state

শিল্প উদ্যোগ গঢ়াৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

author img

By

Published : Jul 13, 2021, 2:08 PM IST

Rural Self Employment Training Institute advisory commitee meeting at Dibrugarh DC office
ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত RSETIৰ উপদেষ্টা কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যেৰে পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । সোমবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত গ্ৰাম্য আত্ম কৰ্মসংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (Rural Self Employment Training Institute)ৰ উপদেষ্টা কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

মৰাণ, ১৩ জুলাই : যুৱ প্ৰজন্মক কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলত শিল্প উদ্যোগৰ প্ৰসাৰৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । সেই উদ্দেশ্যে সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় জিলাভিত্তিক গ্ৰাম্য আত্ম কৰ্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (Rural Self Employment Training Institute)ৰ উপদেষ্টা কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত বৈঠকখন অনুষ্ঠিত হয় । গ্ৰামাঞ্চলত উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীক উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হোৱাত সহায় কৰা ।

Rural Self Employment Training Institute advisory commitee meeting at Dibrugarh DC office
শিল্প উদ্যোগ গঢ়াৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

এনে গোটসমূহক বেংকৰ দ্বাৰা পৰিচালনা আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সক্ৰিয় ভূমিকা পালন কৰি থকা সংস্থাৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় । ডিব্ৰুগড় জিলাত ইতিমধ্যে প্ৰশিক্ষিত গোটসমূহৰ বাবে অনাগত সময়ত আহিবলগীয়া এনে কিছুমান সা-সুবিধাৰ বিষয়ে সভাত আলোচনা কৰা হয় । লগতে জিলাখনত কেনেদৰে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীক এইক্ষেত্ৰত আগবাঢ়াই নিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।

Rural Self Employment Training Institute advisory commitee meeting at Dibrugarh DC office
শিল্প উদ্যোগ গঢ়াৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

সহকাৰী আয়ুক্ত হেমা নায়ক, জিলা উদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ সাধাৰণ পৰিচালক, নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়াৰ ওপৰিও পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়ববীয়াসকল এই বৈঠকত উপস্থিত থাকে ।

Rural Self Employment Training Institute advisory commitee meeting at Dibrugarh DC office
শিল্প উদ্যোগ গঢ়াৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

গাঁৱৰ যুৱক-যুৱতীক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয় । ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা আৰু উৎপাদিত সামগ্ৰীৰ বজাৰৰ ব্যৱস্থা কৰা আদিৰ ক্ষেত্ৰত এই যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়া হয় । কেৱল এয়া নহয়, প্ৰয়োজন সাপেক্ষে বেংকৰ পৰা কেনেদৰে ঋণ ল'ব পাৰিব সেই বিষয়েও বুজাই দিয়া হয় । মুঠতে চাকৰিৰ আশাত ঘৰতে এনেয়ে বহি থকাতকৈ কাম কৰিবলৈ যুৱক-যুৱতীসকলক উৎসাহ যোগোৱা হয় ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.