ETV Bharat / state

Rhino roam Free at Teok: টীয়কৰ বলমা পথাৰত গঁড়ৰ মুক্ত বিচৰণ

author img

By

Published : Jan 9, 2023, 9:30 AM IST

Updated : Jan 9, 2023, 12:54 PM IST

টীয়কৰ বলমাৰ তিনিঘৰীয়া মিচিংগাঁৱৰ সমীপৰ পথাৰত গঁড়ৰ মুক্ত বিচৰণ (Rhino roam Free at Teok) ৷ পুৱা স্থানীয় ৰাইজে এই দৃশ্য় প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছে যদি বৰ্তমানলৈ সেই স্থানত উপস্থিত হোৱা নাই বন বিভাগৰ কোনো লোক ৷

Rhinoceroses roam Free at Balma fields in Teok Dibrugarh
বলমা পথাৰত গঁড়ৰ মুক্ত বিচৰণ

টীয়ক, 9 জানুৱাৰী: টীয়কত অব্যাহত আছে গঁড়ৰ ত্ৰাস (Rhino terror at Teok) ৷ পুনৰ টীয়কৰ বলমা পথাৰত গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে (Rhino roam Free at Teok)। সোমবাৰে পুৱাই বলমাৰ তিনিঘৰীয়া মিচিং গাঁৱৰ সমীপৰ পথাৰত এটা গঁড়ে বিচৰণ কৰা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ সম্প্ৰতি গঁড়টোৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

গঁড়ৰ মুক্ত বিচৰণ সন্দৰ্ভত স্থানীয় ৰাইজে ইতিমধ্যেই বনবিভাগক খবৰ দিছে ৷ কিন্তু বাতৰি লিখা পৰলৈকে বন বিভাগৰ কোনো লোক সেই স্থানত আহি উপস্থিত হোৱা নাই । ইপিনে উপায়বিহীন ৰাইজ একত্ৰিত গঁড়টোক খেদি যোৱাৰ ফলত গঁড়টো দিশহাৰা হৈ পৰে ৷ সম্প্ৰতি দেউধাই টঙানি পথাৰৰ ফালে গতি কৰিছে গঁড়টো ।

উল্লেখযোগ্য যে দুদিন পূৰ্বে গিৱন অভয়াৰণ্যত প্ৰৱেশ কৰিছিল এটা গঁড় ৷ গিৱন অভয়াৰণ্যত প্ৰৱেশ কৰা গঁড়টোৱে বৰ্তমান টীয়কৰ বলমা পথাৰত এইদৰে বিচৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । প্ৰায় দহ দিন ধৰি টীয়কৰ ঢেকীয়াখোৱা, হাতীশাল, মধুপুৰ, গিৱন আদি অঞ্চলত একাধিক গঁড়ে এইদৰে মুক্ত বিচৰণ কৰি ফুৰিছে যদিও গঁড়টো কাজিৰঙা লৈ ওভতাই পঠাৱলৈ সক্ষম হোৱা নাই যোৰহাট বন বিভাগ ।

লগতে পঢ়ক: Rhinoceros at Teok : টীয়কৰ হাতীশালাত গঁড়ৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী

ফলত সমগ্ৰ অঞ্চলবাসী শংকিত হৈ পৰিছে । ইপিনে আজি দিশহাৰা গঁড়টো বিভিন্ন আৱাসিক এলেকাত প্ৰবেশ কৰাত যিকোনো অঘটন সংঘটিত হোৱাৰো সন্দেহ কৰা হৈছে । সেয়ে অনতি পলমে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বনবিভাগক দাবী জনাইছে ৰাইজে ।

উল্লেখ্য যে একেদৰেই 30 ডিচেম্বৰৰ পুৱাই জিলাখনৰ অন্তৰ্গত ঢেকীয়াখোৱাত দুটা গঁড়ে মুক্ত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছিল ৷ বন বিভাগৰ লোক উপস্থিত হৈ ইয়াৰে এটা গঁড়ক খেদি পঠিয়াই কাজিৰঙাৰ দিশে (Kaziranga National Park) ৷ কিন্তু আনটো গঁড়ক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাছিল বন বিভাগৰ দল ৷ শেহতীয়াকৈ গঁড়টোৱে হাতীশালাত মুক্ত বিচৰণ কৰি থকা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: Rhinos Roam Free: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁৱত গঁড়ৰ মুক্ত বিচৰণ

Last Updated : Jan 9, 2023, 12:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.