ETV Bharat / state

নিয়োগ মেলাৰ নামেৰে ভেঁকো-ভাওনাহে পাতিলে ৰাজ্য চৰকাৰে !

author img

By

Published : Dec 26, 2021, 1:17 PM IST

ৰাজ্য চৰকাৰৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল জৱ মেলা ৷ কিন্তু এই মেলাত শিক্ষিত নিবনুৱাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ বহু দল-সংগঠন (Protest against Job mela) ৷

job mela
নিয়োগ মেলাই টোপনি কাঢ়ি নিছে শিক্ষিত নিবনুৱাৰ

মৰাণ, 26 ডিচেম্বৰ : অথলে গ’ল চৰকাৰৰ নিয়োগ মেলা ! সকলোৰে মুখে মুখে মাথো এতিয়া চলিছে জৱ মেলাত প্ৰতাৰিত হোৱাৰ অভিযোগ ৷ অসম চৰকাৰে বিভিন্ন জিলাত নিয়োগ মেলা পাতি নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে (Protest against Job mela) ৷

নিয়োগ মেলাৰ দিন ঘোষণাৰ পিছতে শিক্ষিত নিবনুৱাসকলৰ মাজত দেখা দিয়া উচাহ নিমিষতে নাইকিয়া কৰি পেলালে চৰকাৰখনৰ বিবেকহীন কাণ্ডই ৷ শ শ নিবনুৱাই জমা দিয়া শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰসমূহত চিংৰা-কচুৰী খালে চৰকাৰী পক্ষই ৷ একাংশত আকৌ নথি-পত্ৰসমূহ গোট খাই পৰি ৰ’ল জাৱৰৰ দমৰ মাজত ৷

নিয়োগ মেলাৰ নামেৰে ভেঁকো-ভাওনা পাতিলে ৰাজ্য চৰকাৰে

ৰাজ্য চৰকাৰখনৰ এনে বিবেকহীন কাণ্ডই চিন্তিত কৰি তুলিছে সকলোকে ৷ নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে শিক্ষিত যুৱচাম ৷ ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে ৷ ৰাজ্যখনৰ কেইবাটাও দল-সংগঠনে মাত মাতিছে চৰকাৰৰ এই নিয়োগ মেলা নামৰ ভেঁকো-ভাওনাখনক লৈ ৷ একাংশই চৰকাৰী পক্ষলৈ সকীয়নী দিছে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৷

আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি ৰাজ্যৰ আগশাৰীৰ বহুকেইটা দল-সংগঠনে এই নিয়োগ মেলাৰ জৰিয়তে চৰকাৰে শিক্ষিত নিবনুৱাক অপমানিত কৰা বুলি মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: খং উঠিছে শংকৰ জ্যোতি বৰুৱাৰ : আছু কৰ্মীক বিনাদোষে আৰক্ষীয়ে লাঠীৰ কোব সোধোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.