ETV Bharat / state

অসম বন্ধৰ দৰে কঠোৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ম : টাইপা

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 3:58 PM IST

Press Meet of TAYPA in Moran
টাইপাৰ ক্ষোভ

জনজাতিকৰণৰ বিষয়ক লৈ সংবাদমেল সম্বোধন টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ ৷ জংগী আন্দোলনৰ লগতে অসম বন্ধৰ হুংকাৰ ৷

টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

মৰাণ, 13 ডিচেম্বৰ : টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ মৰাণত সংবাদমেল সম্বোধন টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ ৷ মৰাণৰ পৰিদৰ্শন ভৱনত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইকে ধৰি কেন্দ্ৰীয় নেতৃত্বই এই সংবাদমেল অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ৷

জানুৱাৰীৰ ভিতৰত জনজাতিকৰণৰ সন্দৰ্ভত চৰকাৰে আলোচনা নকৰিলে অসমৰ বিভিন্ন প্ৰান্তৰত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ লগতে 19 ডিচেম্বৰত জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত মৰাণত কেন্দ্ৰীয়ভাৱে টাইপাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে ৷

ইফালে আহোমলেণ্ড সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক বৌদ্ধিক আলোচনা জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই ৷ আনহাতে সংসদৰ চলিত শীতকালীন অধিৱেশনতেই কেন্দ্ৰীয় চৰকাৰে আহোম সকলৰ জনজাতিকৰণৰ বিষয়টোৰ কোনো সমাধান নকৰিলে ক্ষোভৰ উদগীৰণ হোৱাৰ লগতে আগন্তুক জানুৱাৰী মাহৰ ভিতৰত অসম বন্ধৰ দৰে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই ৷

উল্লেখ্য যে, ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ পুনৰ জাঙুৰ খাই উঠিছে জনগোষ্ঠীয় সংগঠনসমূহ ৷ প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ পৰিচয় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী হোৱা নাই ৷ কেৱল প্ৰতিশ্ৰুতিলৈ পৰিণত হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৷

সেয়েহে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ ৷ শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ পৰিচয় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া আজিও কাৰ্যকৰী নকৰিলে চৰকাৰখনে ৷ ফলত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

লগতে পঢ়ক : ডিমা হাচাও নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনতেই জয়লাভ কৰিব: জয়ন্তমল্ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.