ETV Bharat / state

ST reservation: অনুসূচিত জনজাতিৰ বাবে সমষ্টি সংৰক্ষণ বিচাৰি ৮ টাকৈ জনজাতি সংগঠনৰ সংবাদমেল

author img

By

Published : Jul 29, 2023, 9:29 PM IST

জনজাতি সংগঠনসমূহে ডিব্ৰুগড় লোকসভা সমষ্টি অৰ্থাৎ ডিব্ৰুগড় জিলাখনত এটা বিধানসভা সমষ্টি অনুসূচিত জনজাতিসকলৰ বাবে সংৰক্ষণ বিচাৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ কিন্তু কাৰ্যত সেইয়া হৈ নুঠাত আজি ডিব্ৰুগড়ত অনুসূচিত জনজাতিসকলৰ বাবে সমষ্টি সংৰক্ষণ বিচাৰি ৮ টাকৈ জনজাতি সংগঠনে সংবাদমেল অনুষ্ঠিত কৰে ।

Press conference of 8 tribal organisations
৮ টাকৈ জনজাতি সংগঠনৰ সংবাদমেল

৮ টাকৈ জনজাতি সংগঠনৰ সংবাদমেল

ডিব্ৰুগড়, 29 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা কেন্দ্ৰীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পাচতেই ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টি বিলুপ্তিকৰণৰ কৰা কথা ৰাজহুৱা হৈছিল । তাৰ পিচৰে পৰা ইয়াৰ বিৰোধিতাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে ৷ শনিবাৰে ৮ টাকৈ জনজাতি সংগঠনে বিভিন্ন দিশ সামৰি ডিব্ৰুগড়ত এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷

ডিব্ৰুগড় চহৰৰ লিটিল পেলেচত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে ট্ৰাইবেল পিপলচ্ কনফেডাৰেচন অসম, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম জনজাতি ছাত্ৰ সন্থা, মেছ কছাৰী ছাত্ৰ সন্থা, মেছ কছাৰী যুৱ পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী মহিলা পৰিষদ, ডিব্ৰুগড় জিলা ট্ৰাইবেল সংঘ আৰু ডিব্ৰুগড় টাউন মিছিং কেবাঙৰ প্ৰতিনিধি ।

এই সংবাদমেলৰ জৰিয়তে দেশৰ নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ পুনৰ সীমা নিৰ্দ্ধাৰণৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়াত ডিব্ৰুগড় জিলাৰ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত জনজাতিসকলৰ অধ্যুষিত অঞ্চলক লৈ এক বিধানসভা সমষ্টি অনুসূচিত জনজাতি সকলৰ বাবে সংৰক্ষণ কৰিবলৈ দাবী জনায় ।

যোৱা ২৭ মার্চত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এক প্ৰতিনিধি দলে সাক্ষাৎ কৰি ডিব্ৰুগড় জিলাত এক জনজাতি সংৰক্ষিত বিধানসভা সমষ্টি গঠনৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰি আলোচনাত মিলিত হৈছিল হোৱা বুলি জানিবলৈ দিয়ে । কিন্তু দেশৰ নিৰ্বাচন আয়োগে ডিব্ৰুগড় জিলাৰ এটা সমষ্টি জনজাতিসকলৰ বাবে সংৰক্ষিত নকৰাত ক্ষোভ প্ৰকাশ কৰে তেওঁলোকে । বৰঞ্চ ডিব্ৰুগড় জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ লাহোৱাল বিধানসভা সমষ্টি খচৰাৰ পৰা কৰ্তন হে কৰা হ’ল ।

ইয়াৰ পাচতে পুনৰ ২১ জুলাইত গুৱাহাটীৰ শংকৰেদেৱ কলাক্ষেত্ৰত পুনৰ ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগক জনজাতি সংগঠনসমূহৰ তৰফৰ পৰা এখন অতিৰিক্ত স্মাৰক পত্ৰ প্ৰদান কৰা কথা আজি সংবাদমেলত উল্লেখ কৰে । লগতে অনুসূচিত জনজাতি সংগঠনসমূহৰ যৌথসভাই ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিবলগীয়া সমষ্টি পুনৰ গঠনৰ চূড়ান্ত তালিকাত ডিব্ৰুগড় জিলাৰ এক বিধানসভা সমষ্টি জনজাতিসকলৰ বাবে গঠন তথা সন্নিৱিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে আৰু এইক্ষেত্ৰত অসম চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Press conference of Assam Public Works:সংখ্যালঘূ সংগঠনৰ বিৰুদ্ধে সৰৱ আসাম পাব্লিক ৱৰ্কছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.