ETV Bharat / state

দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ আলফা সদস্য

author img

By

Published : Jul 22, 2021, 4:46 PM IST

Police firing at sarda tea fectory joypur dibrugarh
দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ আলফাৰ সদস্য

জয়পুৰৰ সাৰদা চাহ ফেক্টৰীক 20 লাখ টকা দাবী সন্দেহযুক্ত আলফাৰ ৷ দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ সন্দেহযুক্ত আলফা সদস্য ৷

মৰাণ, 22 জুলাই : জয়পুৰৰ সাৰদা চাহ ফেক্টৰীৰ পৰা দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ হ'ল সন্দেহযুক্ত আলফাৰ এগৰাকী সদস্য ৷ ডিব্ৰুগড় জিলাৰ জয়পুৰত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা ৷ গুলীবিদ্ধ আলফাৰ সদস্যজন বৰ্তমান চিকিৎসাধীন হৈছে বুলি জানিব পৰা গৈছে ৷

জয়পুৰৰ সাৰদা চাহ ফেক্টৰীৰ কৰ্তৃপক্ষলৈ যোৱা 12 জুলাইত এখন ধন দাবীৰ পত্ৰ আহিছিল ৷ সেই পত্ৰযোগে দাবী কৰা ধন নিবলৈ আহিছিল আলফাৰ এই সন্দেহযুক্ত সদস্যগৰাকীয়ে ৷ সদস্যগৰাকী টিংখাং আৰক্ষী থানাৰ ধমন কচলুৰ বাসিন্দা বাবুল ডেকা বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

উল্লেখ্য যে, 12 জুলাইত পত্ৰযোগে সাৰদা চাহ ফেক্টৰীক আলফাৰ নামত প্ৰায় 20 লাখ টকা দাবী কৰে কোনোৱে ৷ জয়পুৰ এলেকাত আলফাৰ নামত দীৰ্ঘদিনৰ পৰা এটা চক্ৰই ধন দাবী অব্যাহত ৰখাৰ এক অভিযোগ উত্থাপন হৈছে ৷ গতিকে গুলীবিদ্ধ লোকজন আলফাৰ সদস্য হয় নে নহয় সেয়া এতিয়াও স্পষ্ট নহয় ৷

দাবী কৰা ধন নিবলৈ আহি গুলীবিদ্ধ আলফাৰ সদস্য

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এক গোপন সূত্ৰৰ তথ্য ভিত্তিত দাবী কৰা ধন নিবলৈ অহাৰ কথা জানিব পাৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে ৷ সেইমৰ্মে পূৰ্বৰে পৰা আৰক্ষীৰ এটা দল ফেক্টৰীৰ সমীপত সাজু হৈ আছিল ৷ লোকজনে এখন বাইকেৰে দাবী কৰা ধন নিবলৈ আহিছিল বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷

আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ধৃত বাবুল ডেকাই ৷ অৱশেষত আৰক্ষীয়ে বাবুল ডেকাক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীচলনাত ভৰিত গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ধৃত বাবুল ডেকা ৷

বাবুল ডেকাৰ মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-06 AD-6760 ৷ নাহৰকটীয়াত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত আহত বাবুল ডেকাক বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷ বাবুল ডেকা আলফাৰ সদস্য হয় নে নহয় সেই ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে এতিয়ালৈকে স্পষ্টকৈ মত প্ৰকাশ কৰা নাই ৷ ধৃত বাবুলৰ বিৰুদ্ধে পূৰ্বেও ধন দাবীৰ গোচৰ ৰুজু হৈ আছে ৷

লগতে পঢ়ক: এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.