ETV Bharat / state

ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ

author img

By

Published : Feb 4, 2021, 8:43 PM IST

ডিব্ৰুগড়ৰ খোৱাঙত বৃহস্পতিবাৰে জিলা আবকাৰী বিভাগৰ অভিযান । এই অভিযানত জব্দ ৮০ লিটাৰ অবৈধ দেশীয় সুৰা । লগতে সুৰা প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰীও জব্দ কৰে আবকাৰী বিভাগৰ অভিযানকাৰী দলে ।

ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ
ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ

মৰাণ, ৪ ফেব্ৰুৱাৰী: অবৈধভাৱে দেশীয় সুৰাৰ বেহা চলাই অহা একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈছে ডিব্ৰুগড়ৰ জিলা আবকাৰী বিভাগ । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ খোৱাঙত জিলা আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই বহু পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে ।

ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ
ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ

জিলা আবকাৰী বিভাগৰ সদৰ আবকাৰী চক্ৰৰ অধীনৰ খোৱাঙ কাৱৈমাৰী গাঁও, বৰবৰুৱা, লেপেটকটা, জামিৰা আদি অঞ্চলত অভিযান চলোৱা হয় । এই অভিযানত ৮০ লিটাৰ অবৈধ দেশীয় সুৰা জব্দ কৰাৰ লগতে ৩৫০ লিটাৰ সুৰা প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী আৰু ৪০ কিলোগ্ৰাম পাচোৱাই জব্দ কৰে ৷

ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ
ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ

জব্দকৃত সুৰাখিনি নষ্ট কৰি পেলায় অভিযানকাৰী দলটোৱে । ৰাইজৰ অভিযোগৰ ভিত্তিত আবকাৰী বিভাগে চলোৱা এই অভিযানত স্থানীয় লোকসকলেও সহায় কৰা বুলি বিভাগীয় বিষয়াই জানিবলৈ দিছে ।

ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ
ডিব্ৰুগড়ৰ খোৱাঙত অবৈধ দেশীয় সুৰা জব্দ

লগতে পঢ়ক:৪ খন বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.