ETV Bharat / state

বাহনৰ চলাচলৰ ক্ষেত্ৰত ডিব্ৰুগড় উপায়ুক্তৰ নতুন নিদেৰ্শনা

author img

By

Published : May 15, 2021, 9:49 PM IST

বাহনৰ চলাচলৰ ক্ষেত্ৰত পুনৰ ডিব্ৰুগড় উপায়ুক্তৰ নতুন নিদেৰ্শনা জাৰি ৷ পাঁচ কিলোমিটাৰ পৰিধিৰ ভিতৰৰ এলেকাত অহা ১৬ মে তাৰিখৰ পৰা বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্মৰ নিয়ম প্ৰযোজ্য হ'ব ৷

new-covid-sop-in-dibrugargh-issued-by-dibrugargh-dc
বাহনৰ চলাচলৰ ক্ষেত্ৰত ডিব্ৰুগড় উপায়ুক্তৰ নতুন নিদেৰ্শনা

মৰাণ, 15 মে': ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বাহনৰ চলাচলৰ ক্ষেত্ৰত পুনৰ ডিব্ৰুগড় উপায়ুক্তই নতুন নিদেৰ্শনা জাৰি কৰিছে । বৰ্তমান পৰিস্থিতিত ক'ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় জিলা উপায়ুক্ত তথা অধ্যক্ষ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূৰ্বৰ নিৰ্দেশৰ আংশিক সংশোধন ঘটাই এক আদেশ যোগে চহৰ অঞ্চলৰ লগতে ইয়াৰ পাঁচ কিলোমিটাৰ পৰিধিৰ ভিতৰৰ এলেকাত অহা ১৬ মে তাৰিখৰ পৰা বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্মৰ উল্লেখিত নিয়ম প্ৰযোজ্য হ'ব ।

new-covid-sop-in-dibrugargh-issued-by-dibrugargh-dc
বাহনৰ চলাচলৰ ক্ষেত্ৰত ডিব্ৰুগড় উপায়ুক্তৰ নতুন নিদেৰ্শনা

এই ক্ষেত্ৰত জিলা প্ৰশাসনে উক্ত নিৰ্দেশনা সমূহ কঠোৰ ভাৱে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।

লগতে পঢ়ক : মাজুলীত শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.