ETV Bharat / state

Neelim Chowdhury Memorial Journalism Award: প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা

author img

By

Published : Aug 11, 2022, 10:25 PM IST

প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা (Neelim Chowdhury Memorial Journalism Award by Rajendra Nath Handique) । কে কে চহৰীয়া লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই বঁটা বিতৰণী অনুষ্ঠান অনুস্থিত হয় ৷

Neelim Chowdhury Memorial Journalism Award by Rajendra Nath Sandikoi
প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা

ডিব্ৰুগড়, 11 আগষ্ট: প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা । কে কে চহৰীয়া লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ একাদশ বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিকমৰ প্ৰবীণ সাংবাদিকজনলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বিশেষ বঁটা (Neelim Chowdhury Memorial Journalism Award by Rajendra Nath Sandikoi) ।

প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা

ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । ক্লাৱৰ সাধাৰণ সম্পাদক অনিল কুমাৰ পোদ্দাৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী ।

প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা স্মৰণ কৰি এগৰাকী সাংবাদিক হিচাপে থাকিবলগীয়া সকলো গুণেই নীলিম চৌধুৰীৰ গাত দেখা গৈছিল বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপদেষ্টা শৰৎ নেওগ, আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকা, নীলিম চৌধুৰীৰ পৰিয়ালৰ হেমন্ত বৰ্মন আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈক প্ৰদান কৰা প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোৱৰণী সাংবাদিকতা বঁটাত আছে ফুলাম গামোচা, শৰাই, জাপি, মানপত্ৰ, বিশ হাজাৰ টকাৰ এখন চেক । মন কৰিবলগীয়া যে, ১৯৪৪ চনত জন্মগ্ৰহণ কৰা প্ৰবীণ সাংবাদিকজনে 'দৈনিক অসম' কাকতৰ জৰিয়তে আৰম্ভ কৰিছিল সাংবাদিকতাৰ জীৱন ।

পৰৱৰ্তী সময়ত ১৯৮০ চনত তেজপুৰৰ পৰা প্ৰকাশিত তিনিদিনীয়া 'মহাজাতি' নামৰ কাকতখনত সংবাদসেৱা আগবঢ়োৱাৰ পিছত ১৯৯৯ চনৰ পৰা সাপ্তাহিক 'স্পন্দন' কাকততো জড়িত হৈ আছিল । স্থানীয় বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সন্দিকৈয়ে 'আমাৰ অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ সৈতে জড়িত হৈ আছিল ।

সম্প্ৰতি ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত দৈনিক সংবাদপত্ৰ 'অসম আদিত্য' কাকতৰ ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কৰ্মৰত সন্দিকৈয়ে শিক্ষকতাৰ দৰে মহান বৃত্তিতো জড়িত হৈ ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: Next Chief Secretary of Assam: ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.