ETV Bharat / state

মৰাণত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

author img

By

Published : Nov 17, 2020, 6:52 AM IST

মৰাণত সোমবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ সভাত মৰাণ প্ৰেছ ক্লাৱ আৰু আসাম প্ৰেছ ক'ৰেছপণ্ডেছ ইউনিয়ন (আপকু)ৰ প্ৰতিষ্ঠাপক সম্পাদক, জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক মৰাণ প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায় ৷ সভাত সভাপতিত্ব কৰে মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙে ৷

national press day celebratedn in moran
মৰাণত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

মৰাণ, 17 নৱেম্বৰঃ মৰাণ প্ৰেছ ক্লাৱৰ উদ্যোগত মৰাণতো সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে মৰাণ শাখাৰ চাহ মজদুৰ সংঘৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটি আঁত ধৰে মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে ৷

উক্ত সভাতে মৰাণ প্ৰেছ ক্লাৱ আৰু আসাম প্ৰেছ ক'ৰেছপণ্ডেছ ইউনিয়ন (আপকু)ৰ প্ৰতিষ্ঠাপক সম্পাদক, জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক মৰাণ প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায় ৷ ইয়াৰ সমান্তৰালভাৱে মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে দুলিয়াজান আৰু ডুমডুমাৰ সাংবাদিকদ্বয় প্ৰদীপ গগৈ আৰু পৰাগ ভূঞাৰ মৃত্যুত শোক প্ৰস্তাৱ ৰাখি এক মিনিট সময় মৌণ প্ৰাৰ্থনা জনোৱা হয় ৷

সভাত মৰাণ প্ৰেছ ক্লাৱৰ উপদেষ্টা ড৹ যতীন চুতীয়া আৰু লক্ষেশ্বৰ তাঁতী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ৰঞ্জিত চাংমাই, চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা, টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিৰ উপদেষ্টা উত্তম দিহিঙীয়া, জ্যেষ্ঠ সাংবাদিক বাছা বৰা, চুতীয়া ছাত্ৰ সন্থা, মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিতোপন বৰা আদিকে ধৰি কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃপঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.