ETV Bharat / state

Naharkatia murder : নিজৰ খুড়াকেই ৰচনা কৰিছিল ৰিয়াজৰ হত্যাৰ পৰিকল্পনা

author img

By

Published : Jun 22, 2022, 1:44 PM IST

যোৱা ১৮ জুনত নাহৰকটীয়াত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড (Naharkatia murder case)। এগৰাকী কিশোৰক হত্যা কৰিছিল দুই বন্ধুৱে । আৰক্ষীৰ জেৰাত নতুন তথ্য পোহৰলৈ আহিছে । কিশোৰজনক হত্যা কৰিবলৈ খুড়াকেই টকা দিছিল হত্যাকাৰীক ।

Naharkatia murder
নিজৰ খুড়াকেই ভতিজাকক হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল

মৰাণ, ২২ জুন : নাহৰকটীয়াত ১৮ জুনৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Naharkatia)। ৰিয়াজ হুছেইন ভূঞা নামৰ এগৰাকী কিশোৰক হত্যা কৰি কৱৰস্থানত ৰখা হৈছিল মৃতদেহ । ইয়াৰ পাছতে আৰক্ষীয়ে ৰিয়াজৰ দুই বন্ধুক আটক কৰিছিল । অৱশ্যে তেওঁলোকক জেৰাৰ অন্তত হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে । পূৰ্বতে আৰক্ষীয়ে প্ৰকাশ কৰা ধৰণে প্ৰেমৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা নাছিল । প্ৰকৃততে ৰিয়াজ হুছেইন ভূঞাৰ নিকটআত্মীয়ৰ নিৰ্দেশত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড ।

উল্লেখ্য যে, হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰছিদ আলী আৰু এজন নাবালকক হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনাই গ্ৰেপ্তাৰ কৰি প্ৰথমাৱস্থাত প্ৰেমৰ বাবে এই হত্যাকাণ্ড হোৱাৰ তথ্য প্ৰকাশ পাইছিল যদিও সম্প্ৰতি আৰক্ষীয়ে জিম্মাত লোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক নাহৰকটীয়া আৰক্ষীয়ে এই হত্যাকাণ্ডৰ প্ৰকৃত উৎস বিচাৰি মাৰাথন জেৰা কৰোঁতে পোহৰলৈ আহিছে বিস্ফোৰক তথ্যৰ লগতে এই হত্যাকাণ্ডৰ আন এক অধ্যায় (Mystery of Naharkatia murder case has come to light)।

আৰক্ষী সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এই হত্যাকাণ্ডৰ মূল পৰিকল্পনাকাৰী আছিল মৃত ৰিয়াজৰ খুড়াক ছামাদ হুছেইন ভূঞা । তথ্য অনুসৰি প্ৰায় এমাহৰ পূৰ্বে ভতিজাক ৰিয়াজ হুছেইন ভূঞাক হত্যাৰ পৰিকল্পনা কৰিছিল ছামাদ হুছেইন ভূঞাই । এই হত্যাৰ পৰিকল্পনা কৰি ছামাদৰ সৈতে সু-সম্পৰ্ক থকা এজন ই-ৰিক্সা চালকক ৫০ হাজাৰ টকাত হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে চুক্তিও কৰিছিল খুড়াক ছামাদে ৷ আগধন হিচাপে চালকজনক ২০ হাজাৰ টকা আদায় দি বাকী ৩০ হাজাৰ টকা কাম সম্পূৰ্ণ হোৱাৰ পিছত দিয়াৰ কথা আছিল ।

নিজৰ খুড়াকেই ভতিজাকক হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল

ইফালে হত্যাকাৰীয়ে ২০ হাজাৰ টকা আগধন লোৱাৰ পিছতেই এক ছাগলী চোৰৰ গোচৰত জেলত যাবলগীয়া হৈছিল । প্ৰায় এটা পষেক জেলত থকাৰ পিছত ঘটনা সংঘটিত কৰাৰ ৩/৪ পূৰ্বে জামিনত মুকলি হৈ অহা ই-ৰিক্সা চাললকজনৰ টকাৰ প্ৰয়োজন হোৱাত পুনৰ ছামাদৰ ওচৰলৈ যোৱাত পূৰ্বৰ চুক্তিমতে কাম সম্পূৰ্ণ কৰিলে বাকী ধন আদায় দিয়া হ'ব বুলি উল্লেখ কৰি এই কাম সোনকালে সমাপন কৰিবলৈ হত্যাকাৰীক নিৰ্দেশ দিয়ে ছামাদে ৷

১৮ জুনৰ নিশা হত্যাকাৰীয়ে আন এজন কিশোৰৰ সহযোগত নৱম শ্ৰেণীৰ ছাত্ৰ ৰিয়াজক অতি নৃশংসভাৱে হত্যা কৰে (Minor killed by two friends in Naharkatia)।

আৰক্ষীৰ মাৰাথন জেৰাত হত্যাকাণ্ডৰ সকলো তথ্য হত্যাকাৰীয়ে প্ৰকাশ কৰাত মঙলবাৰে নিশা নাহৰকটীয়া আৰক্ষীয়ে পূৰ্বতে ৰুজু কৰা ১২০(বি)/৩০২/২০১ ধাৰাৰ অধীনত ৬৫/২২ নম্বৰ গোচৰত হত্যাকাণ্ডৰ মূল পৰিকল্পনাকাৰী মৃত ৰিয়াজৰ খুড়াক ছামাদ হুছেইন ভূঞাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে । লগতে ছামাদ হুছেইন ভূঞাক তিনিদিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয় । ইফালে নিজ খুড়াকে কিয় ভতিজাকক হত্যা কৰিলে তাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক :Naharkatia Murder : প্ৰেমৰ বাবেই দুই বন্ধুৱে হত্যা কৰিলে ৰিয়াজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.