ETV Bharat / state

মৰাণৰ "জোনাকী মেল" সম্পূৰ্ণ কৰিলে 15 বছৰ

author img

By

Published : Feb 14, 2020, 10:14 PM IST

Updated : Jun 28, 2022, 10:52 AM IST

শুকুৰবাৰে ১৫ টা বছৰত ভৰি দিলে মৰাণৰ লেখক-লেখিকা,শিল্পী,নৱ প্ৰজন্মৰ আখৰাৰ মঞ্চ "জোনাকী মেলে" ৷ যাৰ বাবে অনুষ্ঠানটোৰ সদস্যসকলে প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে মৰাণত অনুষ্ঠিত কৰে সাংস্কৃতিক অনুষ্ঠানৰ ৷

মৰাণৰ জোনাকী মেল সম্পূৰ্ণ কৰিলে 15 বছৰ
মৰাণৰ "জোনাকী মেল" সম্পূৰ্ণ কৰিলে 15 বছৰ

মৰাণহাট,১৪ ফেব্ৰুৱাৰীঃ ভাষা, সাহিত্য আৰু সংস্কৃতি চৰ্চাত সগৌৰবেৰে চৈধ্যতা বছৰ পাৰ কৰিলে মৰাণৰ "জোনাকী মেল" অনুষ্ঠানে । শুকুৰবাৰে ১৫ টা বছৰত ভৰি দিলে মৰাণৰ লেখক-লেখিকা, শিল্পী,নৱ প্ৰজন্মৰ আখৰাৰ মঞ্চ "জোনাকী মেলে" । যাৰ বাবে অনুষ্ঠানটোৰ সদস্যসকলে প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে মৰাণতৰ অনুষ্ঠিত কৰে সাংস্কৃতিক অনুষ্ঠানৰ ৷

অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে । অনুষ্ঠানতেই জোনাকী মেলৰ তৰফৰ পৰা বিষ্ণু খাৰঘৰীয়াক সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে । আনহাতে, শিল্পী বিপিন চাউদাঙে মনৰ কথা ব্যক্ত কৰাৰ লগতে পৰিৱেশন কৰিলে কেইবাটিও জনপ্ৰিয় গীত । লগতে সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেললৈ দহ হাজাৰ টকাৰ চেক সাহাৰ্য হিচাপে প্ৰদান কৰে বিপিন চাউদাঙে ।

আৰু পঢ়কঃ বৰপেটাত আটক 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰীৰ 3 অভিযুক্ত

Last Updated : Jun 28, 2022, 10:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.