ETV Bharat / state

ক'ভিড কাল: কৃষিকৰ্মকে সমল কৰি ল'লে ভ্ৰাম্যমাণৰ শিল্পীয়ে

author img

By

Published : Jun 15, 2021, 5:58 PM IST

Updated : Jun 15, 2021, 7:56 PM IST

A story of a an actor of theatre
ভ্ৰাম্যমাণৰ মঞ্চ এৰি খেতিপথাৰত অভিনেতা

মহামাৰী কাল কৰ'ণাই বহুতৰে জীৱনলৈ পৰিৱৰ্তন অনাৰ দৰে ভ্ৰাম্যমাণ থিয়েটাৰ(mobile theatre)ৰ অভিনেতা তথা কৰ্মীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে দুৰ্যোগ ৷ বিগত বছৰৰ পৰা সকলো সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ থকাৰ দৰে এক প্ৰকাৰ বন্ধ হৈ পৰিছে ভ্ৰাম্যমাণ জগত ৷ যাৰ ফলত আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে অভিনেতা তথা কৰ্মীসকল ৷ আন আন বহু অভিনেতা তথা কৰ্মীসকলৰ দৰে চৰাইদেউ জিলাৰ বৰহাটৰ ঐতিহাসিক নাহৰপুখুৰী গাঁৱৰ অভিনেতা তপন ৰাজকোঁৱৰে সলনি কৰিলে জীৱিকাৰ পথ ৷

মৰাণ, 15 জুন : সুদীৰ্ঘ 18 টা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ (mobile theatre)ত অভিনয় কৰি অহা এগৰাকী অভিনেতা ৷ নাম তপন ৰাজকোঁৱৰ ৷ মহামাৰী কৰ'ণা(corona)ই বহুতৰে জীৱনলৈ পৰিৱৰ্তন অনাৰ দৰে এই গৰাকী অভিনেতাৰ জীৱনলৈও কঢ়িয়াই আনিছে দুৰ্যোগ ৷

ক'ভিড কাল: কৃষিকৰ্মকে সমল কৰি ল'লে ভ্ৰাম্যমাণৰ শিল্পীয়ে

বিগত বছৰৰ পৰা সকলো সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ থকাত এক প্ৰকাৰ বন্ধ হৈ পৰিছে ভ্ৰাম্যমাণ জগত ৷ যাৰ ফলত বৰদৈচিলা, সুদৰ্শন, নটসূৰ্য, সুৰুয, গিৰিকন্যা, মাঁ-জোনাকী থিয়েটাৰকে ধৰি আন কেইবাখনো থিয়েটাৰত অভিনয় কৰা চৰাইদেউ জিলাৰ বৰহাটৰ ঐতিহাসিক নাহৰপুখুৰী গাঁৱৰ অভিনেতা তপন ৰাজকোঁৱৰে সলনি কৰিলে জীৱিকাৰ পথ ৷ ভ্ৰাম্যমাণ থিয়েটাৰ (mobile theatre)ৰ প্ৰদৰ্শনী বন্ধ হৈ পৰাৰ পাচতে অভিনেতাগৰাকীয়ে দিচাং নদীৰ পাৰত আৰম্ভ কৰিছে কৃষিকৰ্ম ৷

কৃষিকৰ্মত আত্মনিয়োগ কৰি বিগত বৰ্ষৰ পৰা ব্যৱসায়িক ভিত্তিত কেইবাবিঘা কৃষি ভূমিত ৰঙালাউ, বেঙেনা, ভেণ্ডি আদি শাক-পাচলিৰ খেতি আৰম্ভ কৰে অভিনেতা গৰাকীয়ে । পাচলি বিক্ৰী কৰা টকাৰে কোনোমতে তিনি জনীয়া পৰিয়ালটো পোহপাল দি আহিছে অভিনেতাগৰাকীয়ে ।

কিন্তু বৰ্তমান আংশিক লকডাউনৰ ফলত উৎপাদিত ফচল বিক্ৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে শিল্পীগৰাকীয়ে । বেপাৰীৰ অভাৱত এতিয়া খেতি পথাৰতে পৰি ৰৈছে উৎপাদিত শস্যসমূহ ৷ যাৰ ফলত সফলতাৰ বাটত এখোজ আগুৱাই গৈও পুনৰ থমকি ৰ'ব লগা হৈছে এই যুঁজাৰু শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: ডিফু চিকিৎসা মহাবিদ্যালয়ত ২১ খন নতুন আইচিইউ বিচনা মুকলি

Last Updated :Jun 15, 2021, 7:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.