ETV Bharat / state

নামফাকে গাঁৱত নামনি অসমৰ সৰ্বদলীয় বিধায়কৰ দল

author img

By

Published : Sep 28, 2021, 6:54 PM IST

Updated : Sep 29, 2021, 12:45 PM IST

MLA of Lower Assam present at Namfake in Naharkatia
নামফাকে গাঁৱত নামনি অসমৰ সৰ্বদলীয় বিধায়কৰ দল

নাহৰকটীয়াৰ নামফাকে গাঁৱত নামনি অসমৰ সৰ্বদলীয় বিধায়কৰ দল ৷ বিধায়কৰ দলটোৱে বুজ ল'লে সামাজিক সাংস্কৃতিক তথা অৰ্থনৈতিক পৰিস্থিতি, জুতি ল'লে জনজাতীয় খাদ্যাভাসো ৷

মৰাণ,28 ছেপ্তেম্বৰ : অসমৰ ভিন্ন জনগোষ্ঠীৰ জীৱন-ধাৰণৰ প্ৰণালী, খাদ্যাভাস, লোকাচাৰ আদি ভিন্ন হয় ৷ বিভিন্ন জনগোষ্ঠী তথা বিভিন্ন সমষ্টিত বসবাস কৰা লোকসকলৰ লোকাচাৰ তথা তেওঁলোকৰ পৰম্পৰা সমূহৰ বিষয়ে সম্যক জ্ঞান লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক পৰিকল্পনা কৰিছিল ৷ সেই পৰিকল্পনা মৰ্মে সোমবাৰে নামনি অসমৰ মুঠ ৬ গৰাকীকৈ সৰ্বদলীয় বিধায়কে উজনি অসমৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ বৌদ্ধ ধৰ্মাৱলম্বী গাঁও, নামফাকে গাঁও পৰিদৰ্শন কৰে ।

নামফাকে গাঁৱত নামনি অসমৰ সৰ্বদলীয় বিধায়কৰ দল

কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত আৰু পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰমাৰ বিধায়ক ভূপেন বড়ো, বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদ আৰু উদৰবন্দৰ মিহিৰ কান্তি সোমৰ লগতে স্থানীয় বিধায়ক তৰংগ গগৈয়ে নামফাকে গাঁও পৰিদৰ্শন কৰে ৷ প্ৰথমে এই দলটোৱে গাঁওখনৰ বৌদ্ধ বিহাৰত উপস্থিত হৈ পূজা অৰ্চনাত অংশগ্ৰহণ কৰে ৷ এই দলটোক গাঁওবাসীয়ে পৰা টাই ফাকে জনগোষ্ঠীৰ পৰম্পৰাগত গামোচা আৰু স্মাৰকৰে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় ৷

আনকি স্থানীয় বিধায়ক তৰংগ গগৈয়ে নামনি অসমৰ বিধায়কৰ দলটোক একোখন কৈ টাই ফাকে বস্ত্ৰ উপহাৰ স্বৰূপে আগবঢ়ায় ।

MLA of Lower Assam present at Namfake
নামনিৰ বিধায়ক উজনিত

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

আনকি ভ্ৰমণ কৰিবলৈ অহা বিধায়েকৰ দলটোৱে বৌদ্ধ বিহাৰৰ লগত সংলগ্ন গ্ৰন্থাগাৰৰ উপৰিও টাই ফাকে জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতি সাজপাৰ আদিও পৰিদৰ্শন কৰে । আনহাতে, মন্দিৰ পৰিদৰ্শনৰ পিছতেই দলটোৱে গাঁওখনৰ অন্যতম জ্যেষ্ঠতম ব্যক্তি আইজেণ্ডা গোঁহাইৰ ঘৰত উপস্থিত হৈ টাই ফাকে লোকসকলে কিদৰে নদীৰ পাৰত চাং ঘৰ সাজি বসবাস কৰে তাৰ চাক্ষুক অভিজ্ঞতা গ্ৰহণ কৰে ৷ লগতে দলটোৱে টাই ফাকে জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য বিশেষকৈ টোপোলা ভাত, টেঙা মাছ, খৰিকাত দিয়া মাংস, উৰিয়াম পাত আৰু বাদামৰ চাটনি আদিৰ জুতিও লয় ৷

বিধায়ক সকলৰ এই পৰিদৰ্শন কালত স্থানীয় ৰাজহ চক্ৰ বিষয়া দ্বীপশিখা শইকীয়া, নামৰূপস্থ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়া, জিলা পৰিষদৰ সভানেত্ৰী ডেইজি ৰাণী শ্যাম, অসম গেছ কোম্পানীৰ অধ্যক্ষ ইন্দ্ৰ গগৈ, বিজেপিৰ জয়পুৰ আৰু নাহৰকটীয়া মণ্ডলৰ সভাপতি সকল উপস্থিত থাকি ভ্ৰমণ কৰিবলৈ অহা বিধায়ক দলটোক সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: 30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

Last Updated :Sep 29, 2021, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.