ETV Bharat / state

Minor Girl Raped: ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

author img

By

Published : May 26, 2022, 3:20 PM IST

Updated : May 28, 2022, 4:43 PM IST

পুনৰ পোহৰলৈ আহিছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । এইবাৰ মৰাণত খুড়াকৰ কামনাৰ বলি হ’ল ভতিজাক (Minor Girl attempt to Rape) ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে এত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ
ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

মৰাণ, 26 মে’ : পুনৰ পোহৰলৈ আহিছে সভ্য সমাজক লজ্জাজনক কৰা এক ঘটনা ৷ খুড়া-ভতিজাৰ সম্বন্ধত কালিমা সানিলে নিজ খুড়াকেই ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ (attempt to Rape at Moran) ৷ কেৱল ভতিজাককেই নহয় বোৱাৰীয়েককো ধৰ্ষণৰ চেষ্টা কৰে অভিযুক্তটোৱে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৰঙাগড়াৰ 12 বছৰীয়া কিশোৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা অহাৰ পিছতেই নিজৰ খুড়াকেই ধৰ্ষণ কৰিবলৈ চেষ্টা চলায় । কিশোৰীগৰাকীয়ে কোনোমতে পলাই সৰাৰ পিছতেই অভিযুক্তটোৱে নিজৰ বোৱাৰীয়েককো ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে ৷ এই কথা ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, এবাৰেই নহয় অভিযুক্তটোৱে কেইবাবাৰো ঘৰৰ মহিলাৰ ওপৰত ধৰ্ষণৰ চেষ্টা কৰিছিল ৷ বাগানৰ কাম কৰা মহিলা ৰাস্তাৰে পাৰ হৈ গ’লেও অভিযুক্তটোৱে অশ্লীল ইংগিত দিয়ে ৷ উপায়ন্তৰ হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে মৰাণ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷

এই এজাহাৰৰ ভিত্তিতেই মৰাণ আৰক্ষীয়ে অভিযুক্তটোক নিজ গাঁৱৰ পৰাই আটক কৰে ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে No 59 / 22 , U/S 447 / 354 (B) / 294 IPC নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তোটোক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : Assam Police Firing: কোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন

Last Updated : May 28, 2022, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.