ETV Bharat / state

Child marriage: ছোৱালী বিলাক সন্তান জন্ম দিয়া ফেক্টৰী হোৱাটো বিচাৰে খালেকে; পীযুষ হাজৰীকা

author img

By

Published : Jan 30, 2023, 9:36 PM IST

Minister Pijush Hazarika
সাংসদ আব্দুল খালেকক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

সাংসদ আব্দুল খালেকৰ সমষ্টিত 14 বছৰ বয়সতে ছোৱালী বিয়া হয় ৷ খালেকে বিচাৰে যে ছোৱালীবিলাক সন্তান জন্ম দিয়া ফেক্টৰী হওক ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ (Minister Pijush Hazarika) ৷

সাংসদ আব্দুল খালেকক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিব্ৰুগড়, 30 জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত ৷ এই বিষয়ক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীয়ে ৷ এই মন্তব্যক লৈ বৰপেটাৰ সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ পিচতেই সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ সাংসদ আব্দুল খালেকক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Pijush Hazarika)৷

মন্ত্ৰী হাজৰীকাই কয় যে, আব্দুল খালেকে (MP Abdul Khalek) ১৪ বছৰ বয়সতেই সন্তান জন্ম দিবলৈ কোৱাটো বেয়া পাইছো ৷ সংবিধানৰ মতে ১৮ বছৰৰ পাচতহে ছোৱালীৰ বিয়া হ'ব লাগে, কিন্তু আব্দুল খালেকে ১৪ বছৰ বয়সতেই ছোৱালীৰ বিয়া হোৱাটো বিচাৰে ৷ তেওঁলোকে ভাবে যে, ছোৱালী বিলাক সন্তান জন্ম দিয়া ফেক্টৰী হওক ৷ সাংসদ আব্দুল খালেকৰ সমষ্টিত ১৪ বছৰ তলৰ ছোৱালী বিয়া হয় । সেয়ে আব্দুল খালেকক নিজৰ সমষ্টিলৈ গৈ ৰাইজক ১৮ বছৰত ছোৱালী বিয়া দিবলৈ সজাগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দুটা দিনৰ পুৰ্বে এক অনুষ্ঠানত ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰালে সেই বিয়াখন আইনমতে গ্ৰহণযোগ্য নহয় ৷ বাল্যবিবাহ আৰু কম বয়সত সন্তান জন্ম দিয়া ব্যৱস্থা ৰোধ কৰিব পাৰিলে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰোধ কৰিব পৰা যাব বুলি তেওঁ কয় ৷

আনহাতে তেওঁ কয় যে কম বয়সত যিদৰে মাতৃ হ'ব নালাগে সেইদৰে বেছি বয়সতো মাতৃ হ'ব ন‍ালাগে ৷ বেছি বয়সত মাতৃ হ'লেও অসুবিধা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে (Himanta Biswa Sarma on motherhood age)৷ এই বয়স সন্তান জন্ম দিয়াৰ উপযুক্ত সময় ৷

বেছি বয়সত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত শৰীৰটোৱে নামানে বুলি তেওঁ উল্লেখ কৰি বিয়া নপতাসকলক উপযুক্ত বয়সত বিয়া কৰাৰ বাবে ৰসিকতাৰে আহ্বান জনাইছিল ৷ ইয়াৰ পাছতেই সমগ্ৰ বিষটোক লৈ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিৰোধী ৰাজনৈতিক নেতাসকলে ৷

লগতে পঢ়ক : Assam Cabinet in Dibrugarh: মুখ্যমন্ত্ৰীক লগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.