ETV Bharat / state

নিমাতী ঘাটৰ কৰুণ ঘটনাৰ পিছত তৎপৰ হৈছে Inland water transport

author img

By

Published : Sep 9, 2021, 7:19 PM IST

inland-water-transport-authority-being-cautious-after-nimati-ghat-tragedy
নিমাতী ঘাটৰ কৰুণ ঘটনাৰ পিছত তৎপৰ হৈছে Inland water transport

নিমাতী ঘাটৰ কৰুণ ঘটনাৰ পাছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগত আৰম্ভ হৈছে তৎপৰতা ৷ ডিব্ৰুগড়ৰ গুৰিজান ঘাটত চলাচল কৰা ফেৰী আৰু মালিকসকললৈ বিভাগীয়ভাৱে প্ৰদান কৰা হৈছে জৰুৰী নিৰ্দেশ ।

মৰাণ, 9 ছেপ্টেম্বৰ : যোৰহাটৰ নিমাতী ঘাটৰ শোকাৱহ নাঁও দুৰ্ঘটনাৰ পিছতে সজাগ হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে(Inland water transport ) কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ফেৰীৰ ঘাট সমূহলৈ । বিশেষকৈ ডিব্ৰুগড় সংমণ্ডলৰ অন্তগৰ্ত গুৰিজান ঘাটত চলাচল কৰা ফেৰী আৰু মালিক সকললৈ ইতিমধ্যেই বিভাগীয়ভাৱে জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে ।

ইফালে, বুধবাৰৰ নাঁও দুৰ্ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰীক ইতিমধ্যে নিলম্বন কৰা হৈছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ ভুমিকাক লৈয়ো এক প্ৰশ্নৰ উত্থাপন হৈছে ৷ কিয়নো বিভাগৰ কৰ্মচাৰীসকলে জনোৱা মতে, বিষয়া গৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি ছুটি লৈ গুৱাহাটীলৈ গৈছিল ৷

নিমাতী ঘাটৰ কৰুণ ঘটনাৰ পিছত তৎপৰ হৈছে Inland water transport

কিন্তু, এনে অৱস্থাতে কাৰ্যবাহী অভিযন্তা গৰাকীক নিলম্বন কৰা হৈছে বুলিও উল্লেখ কৰিলে বিভাগটোৰ বিষয়া সকলে । ইপিনে, ডিব্ৰুগড়ৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৰিজান ঘাটত চলাচল কৰা ফেৰী সমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অহাৰ কথাও অৱগত কৰিছে ৷

লগতে পঢ়ক : মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.