ETV Bharat / state

মৰাণত মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা

author img

By

Published : May 29, 2021, 4:05 PM IST

মৰাণত মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ ৷ দুগৰাকী নাবালিকাক অৰুণাচলৰ পৰা উদ্ধাৰ ৷

human-trafficing-case-at-moran
মৰাণত মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা

মৰাণ, 29 মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে মৰাণত মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, মৰাণ চাহ বাগিচাৰ খেৰবাৰীৰ বধুৰাম নায়কৰ পুত্ৰ ৰাজু নায়ক (৪২) আৰু জাপানি কৰ্মকাৰৰ পুত্ৰ বিনন কৰ্মকাৰ (৩৮) দুয়ো মিলি একে বাগিচাৰে দুগৰাকী নাবালিকাক অৰুণাচলত বিক্ৰী কৰিছিল ।

মৰাণত মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা

উল্লেখ্য যে, বাগিচাৰে নিঠৰুৱা ১২ বছৰীয়া কিশোৰীক চলিত বৰ্ষৰে জানুৱাৰীত আৰু অভিযুক্ত বিনন কৰ্মকাৰৰ ১৩ বছৰীয়া নিজ কন্যাক চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ ডাপৰীজো আৰক্ষী থানাৰ এলেকাত শিশু শ্ৰমিক হিচাপে ৪০ হাজাৰাকৈ মুঠ ৮০ হাজাৰ টকাত বিক্ৰী কৰিছিল । উক্ত ঘটনাটোৰ খবৰ লাভ কৰি আটছাৰ মৰাণ শাখাৰ সম্পাদক মহাত্মা চনাৰে মৰাণ আৰক্ষী থানাত যোৱা ২৪ মে'ত এজাহাৰ দাখিল কৰে ।

মৰাণ আৰক্ষী থানাই উক্ত এজাহাৰৰ ভিত্তিত কেচ নম্বৰ ৯৭/২১ ধাৰা ৩৭০(৪) আই পি চিত দুই অভিযুক্ত ৰাজু নায়ক (৪২) আৰু বিনন কৰ্মকাৰ(৩৮)ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে, ডাপৰীজো আৰক্ষী থানাৰ সহযোগত মৰাণ আৰক্ষী থানাৰ এচ আই বিমল সিং ডেৰাৰ নেতৃত্বত যোৱা আৰক্ষী দলে দুই কিশোৰীক উদ্ধাৰ কৰি মৰাণলৈ আনে । মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীননাথ মিলিৰ তৎপৰতাত উদ্ধাৰ হোৱা দুই কিশোৰীক শুকুৰবাৰে ডিব্ৰুগড় চাইল্ড লাইনে মৰাণ আৰক্ষী থানাৰ পৰা চমজাই দিয়ে ।

লগতে পঢ়ক: স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.