ETV Bharat / state

HSLC Guidebook release: ডিব্ৰুগড়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে গাইড বুক উন্মোচন

author img

By

Published : Jan 2, 2023, 10:48 PM IST

HSLC Guidebook release
ডিব্ৰুগড়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে গাইড বুক উন্মোচন

ডিব্ৰুগড়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে উন্মোচন কৰা হ’ল গাইড বুক ৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিত উন্মোচন কৰা হ’ল এই গাইড বুকখন ৷ ছেবাৰ নতুন প্ৰশ্ন আৰ্হিৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে গাইড বুকখন ৷

ডিব্ৰুগড়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে গাইড বুক উন্মোচন

ডিব্ৰুগড়, 2 জানুৱাৰী: 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা(Assam HSLC Exam) ৷ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে সোমবাৰে উন্মোচন কৰা হ’ল গাইড বুক(HSLC Guidebook release in Dibrugarh) ৷ উল্লেখ্য অসমৰ ভিতৰতে পোন প্ৰথমে ডিব্ৰুগড়ত উন্মোচন কৰা হয় গাইড বুকখন ৷

ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত(Dibrugarh DC Offiec) আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ(Assam HSLC Students) পৰিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ উপায়ুক্তৰ উপস্থিত গাইড বুকখন উন্মোচন কৰা হয় ৷ 'ছেবা'ৰ(Secondary Education Board of Assam) নতুন নিৰ্দেশনা অনুসৰি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ বস্তুনিষ্ঠ প্ৰশ্ন (Objective questions) অহাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ তত্বাৱধানত এই পুথিখন প্ৰস্তুত কৰি উলিওৱা হৈছে ।

বিশেষকৈ ডিব্ৰুগড় জিলাৰ শিক্ষা বিভাগৰ(District education department) দ্বাৰা ৰাজ্যখনৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে লোৱা এনে বলিষ্ঠ পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । বিশেষকৈ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দিপীকা চৌধুৰী আৰু 'ছেবা'ৰ আঞ্চলিক সচিব দীপাংকৰ দত্তৰ পৰিকল্পনা তথা প্ৰত্যক্ষ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদ, হাইস্কুল শিক্ষক সন্থা, মাধ্যমিক শিক্ষক তথা কৰ্মচাৰী সন্থাৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা এই পুথিখন নিঃসন্দেহে ছাত্ৰ -ছাত্ৰী সকলৰ বাবে যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্ত বিশ্বজিত পেগুৱে(DC Biswajit Pegu) ।

অতি কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনৰ প্ৰকাশৰ লগত জড়িত সম্পাদক উদয় শংকৰ গগৈ, সহ সম্পাদক অঞ্জন কোঁৱৰ আৰু শিও কুমাৰ চাহু লগতে বিভিন্ন বিষয়ৰ প্ৰশ্ন যুগুতোৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাক শলাগ লৈছে উপায়ুক্ত বিশ্বজিত পেগুৱে ।

ইফালে, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা(School Inspector) দিপীকা চৌধুৰীয়ে কয় যে,‘‘সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধা হোৱাকৈ আৰু ছেবাৰ নতুন নিয়ম অনুসৰি এই গাইড বুকখন প্ৰস্তুত কৰিছে উলিওৱা হৈছে ৷’’ সকলো বিষয়ৰ ক্ষেত্ৰতে এই গাইড বুকখন সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে দিপীকা চৌধুৰীয়ে ৷

লগতে পঢ়ক: APSC scam 2014: APSC কেলেংকাৰীত জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.