অসমৰ যুৱতীক অন্তঃসত্বা কৰি পলাই গ’ল বিকি বাক্কাৰ খান

author img

By

Published : Sep 19, 2021, 7:21 PM IST

Updated : Sep 19, 2021, 8:12 PM IST

guy-made-false-marriage-promise-to-assam-girl-and-escape

দিল্লীৰ ফেৰীৱালা বিকি বাক্কাৰ খানে বিয়াৰ প্ৰলোভনেৰে ডিব্ৰুগড়ৰ যুৱতীক অন্তঃসত্বা কৰি পলায়ন কৰিলে ৷ জানো আহক তাৰ পিছত কি হ’ল ৷

মৰাণ, 19 ছেপ্টেম্বৰ : পেচাত এজন ফেৰীৱালা বিকি বাক্কাৰ খান নামৰ যুৱকজন ৷ মূলতঃ দিল্লীৰ যুৱকজনে অসমত কৰা ব্যৱসায় সূত্ৰে ডিব্ৰুগড়ৰ বকুল অঞ্চলৰ মাজ গাঁৱত এটা ঘৰ ভাড়ালৈ লৈ বসবাস কৰি আছিল ৷ ভাড়া ঘৰটোৰ ওচৰতে থকা এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ ওপৰত চকু পৰিল দিল্লীৱালা ফেৰীৱালা বিকিৰ ৷ ভবা মতেই কামত নামিল বিকি বাক্কাৰ খান নামৰ যুৱকজন ৷

প্ৰথমতে চা-চিনাকি তাৰ পিছত যুৱতী গৰাকীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিলে তেওঁ ৷ কেৱলমাত্ৰ সিমানতেই থমকি ৰৈ থকা নাছিল কথাবোৰ ৷ নিজৰ জালেৰে এখোপ এখোপকৈ যুৱতীগৰাকীক বান্ধি পেলাইছিল বিকিয়ে ৷ ইয়াৰ পিছতেই বিকিৰ ফালৰ পৰাই যুৱতীগৰাকীলৈ আহিল, বিৱাহৰ প্ৰস্তাৱ ৷ এই পন্থা লৈ বিকি বাক্কাৰ খানে যুৱতীগৰাকীৰ সৈতে অধিক ঘনিষ্ঠ হ’বলৈ সক্ষম হয় ৷

পিছে হঠাতে এদিন সকলো খেলি-মেলি হৈ পৰিল যেতিয়াই যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ কথা বিকিয়ে জানিবলৈ পালে ৷ লগে লগে নিজৰ লক্ষ্য পূৰ কৰি বিকিয়ে মানকাচৰলৈ পলায়ন কৰে ।

ধুৰন্ধৰ লোকজনে বিবাহৰ প্ৰতিশ্ৰুতি দিয়াত যুৱতীগৰাকীয়ে মুখ লজ্জাৰ ভয়ত সকলো কথা পৰিয়ালৰ পৰা অজ্ঞাতে ৰাখিছিল । কিন্তু, লোকজনে পলায়ন কৰাৰ পাছত পৰিয়ালৰ লোকক যুৱতী গৰাকীয়ে সকলো কথা জানিবলৈ দিয়ে ৷ ইতিমধ্যে ৩০০/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৯৩ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, এই সন্দৰ্ভত সদৌ অসম মুছলিম ছাত্ৰ সন্থাই লোকজনক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক : জোঁৱায়েকে জ্বলালে শহুৰৰ ঘৰ

Last Updated :Sep 19, 2021, 8:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.