ETV Bharat / state

ৰাজ্যৰ কেইবাটাও স্থানত ধনসহ জুৱাৰীক আটক

author img

By

Published : Apr 26, 2022, 10:56 PM IST

Updated : Apr 28, 2022, 8:39 PM IST

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী ৷ ৰাজ্যৰ ঠায়ে ঠায়ে জুৱাৰ ঘাটি উচ্ছেদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Gamblers arrested in Assam)৷ অভিযানত জব্দ ধনসহ জুৱাৰ সামগ্ৰী ৷

gamblers-arrested-in-the-state
ৰাজ্যৰ ঠায়ে ঠায়ে ধনসহ জুৱাৰীক আটক

মৰাণ/বঙাইগাঁও, 26 এপ্ৰিল : মৰাণত নিশা আৰক্ষীয়ে অভিযান চলাই এক বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । মৰাণহাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই হিমপাৰা বিশ্ৰামপুৰ গাঁ‌ৱৰ এজন লোকৰ ঘৰত জুৱা খেলি থকা অৱস্থাতে ৯ জনকৈ জুৱাৰীৰ লগতে ঘৰৰ গৰাকীক আটক কৰে (Gamblers arrested in Assam) ।

অভিযান কালত আৰক্ষী দলটোৱে ১৫৫৮৫ টকা নগদ ধন, ৮ যোৰ টাচপাত, ৯ টা মোবাইলফোন, এখন ইণ্ডিগ' গাড়ী, এখন ৱেগেনাৰ গাড়ী আৰু দুখন মটৰ চাইকেল জব্দ কৰে । আটকাধীন যুৱক কেইজনক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । আটকাধীন লোক কেইজন ক্ৰমে হেমন্ত কোঁৱৰ, গোবিন্দ সোনোৱাল, আনন্দ গগৈ, ৰূবেন কুমাৰ শেখ, মনি গগৈ, পুলিন হাজৰিকা, অৰুণ ফুকন, বিক্ৰম বৰুৱা, আব্দুল কৰিম আৰু ছবিৰ হুছেইন বুলি জানিব পৰা গৈছে (Assam police arrested gamblers)।

ৰাজ্যৰ ঠায়ে ঠায়ে ধনসহ জুৱাৰীক আটক

ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰত জুৱাৰীৰ বিৰুদ্ধে গেৰুকাবাৰী আৰক্ষীৰ অভিযানত ৬টা জুৱাৰীক আটক কৰা হয় ।
বঙাইগাঁও জিলাৰ লুংঝাৰত জুৱাৰীৰ বিৰুদ্ধে গেৰুকাবাৰী আৰক্ষীৰ অভিযান । নিশা লুংঝাৰ চকত ছবদেৰ আলীৰ দোকানত জুৱা খেল চলি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই এই জুৱাৰীকেইটাক আটক কৰিবলৈ সক্ষম হয় ৷

আটকাধীন জুৱাৰী কেইটা ক্ৰমে ছবদেৰ আলী(২৬), আজিজুল হক (২৪),মন্নাফ আলী (২৭),শুকুৰ আলী(৩৪),জুল হাউচ (২০)আৰু ৰহিম আলী (৩০)৷ উল্লেখ্য যে, জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৪ টা মোবাইল, টাচ পাতসহ ২০,৪২০ টকা জব্দ কৰে ৷

লগতে পঢ়ক : বিজনীত জুৱাৰ বিৰুদ্ধে দল-সংগঠনৰ সংবাদমেল

Last Updated : Apr 28, 2022, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.