ETV Bharat / state

Felicitation Program in Naharkatia : কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ

author img

By

Published : Jul 18, 2022, 11:50 AM IST

নাহৰকটীয়াৰ চাচনীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷ সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ নেতৃত্বত আয়োজন এই অভিনন্দন অনুষ্ঠান ৷ হাইস্কুল শিক্ষান্ত পৰিক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা স্বায়ত্ব শাসিত পৰিষদৰ ৷

hs-and-hslc-passed-student-felicitation-program-held-in-naharkatia
কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ

নাহৰকটীয়া, 18 জুলাই: সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, ন-খটীয়া সোণোৱাল মঠাৱনী গাঁও উন্নয়ন সমিতি আৰু দীঘলী মঠাৱনী কল্যাণ সংঘৰ উদ্যোগত অভিনন্দন তথা সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন (Sonowal Kachari Autonomous council felicitate students in Naharkatiya)। দীঘলী মঠাৱনী কল্যাণ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান ৷ এই অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এশ চল্লিশ গৰাকী ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভবেশ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানটোত কৃতি ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ চেলেং চাদৰ আৰু অভিনন্দন পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Felicitation Program in Naharkatia)।

কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ

ইয়াৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰিক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰিক্ষাৰ ফলাফলত ৬০ শতাংশৰ পৰা ৮০ শতাংশ লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰী সকলক ১০ হাজাৰ টকা, ৮০ শতাংশতকৈ অধিক লাভ কৰা সকলক ২০ হাজাৰ টকা আৰু স্থান লাভ কৰা সকলক ১ লাখকৈ জলপানি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১১ নং খাটোৱা সমষ্টিৰ সাধাৰণ সদস্য ৰমনী হাজৰিকাই ।

এই সম্বৰ্ধনা অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ মদন হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন ডেকাবৰুৱা, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তৰংগ কল্লোল শইকীয়া, চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ অনিল সোণোৱাল, বিশিষ্ট লেখিকা স্বপ্না দত্ত শইকীয়া, সোণোৱাল কছাৰী যুৱ মঞ্চৰ সদস্য হিমাংশু সোণোৱালকে প্ৰমুখ্য কৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

লগতে পঢ়ক: জোনাইত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.