ETV Bharat / state

গোহালিৰ গো-ধনলৈ তৰা পঘা বটাত ব্যস্ত খোৱাং দলনিকোৰৰ ৰাইজ

author img

By

Published : Apr 10, 2022, 7:16 PM IST

দুৱাৰ দলিত হেঁপাৰ ৰঙালী (Rangali bihu in Assam) ৷ ব্যস্ততা বাঢ়িছে চহা কৃষকৰ ৷ পৰম্পৰা ৰক্ষাৰ বাবে আপোন গৰু হালৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰাপাট আৰু তৰাৰ পঘা নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ একাংশ কৃষক (Farmers are busy making pagaha for rangali bihu) ৷ চাওক আমাৰ এই সন্দৰ্ভত এটি প্ৰতিবেদন...

Farmers are busy making pagah for rangali bihu
নতুন পঘাৰে গোহালিৰ গৰুহালক নোঁৱাই-ধুৱাই সাজু চহা কৃষক

মৰাণ, 10 এপ্ৰিল : অসমী আইৰ চোতালত এতিয়া হেঁপাহৰ ৰঙালী ৷ ৰঙালীৰ বাবে এতিয়া উথপথপ প্ৰতিজন অসমীয়াৰ মন ৷ চহা কৃষকৰ মনতো অপাৰ আনন্দ ৷ মাহ-হালধিৰে গোহালিৰ গৰু হালক নোৱাই-ধুৱাই সপোনৰ সোণগুটি সিঁচিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰতিজন চহা খেতিয়ক (Preparation for rangali bihu among Farmers) ৷

অসমীয়াৰ আয়ুস ৰেখা তথা চহা অসমীয়াৰ স্বাভিমান ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । চিৰা- পিঠা, জা-জলপানৰ পৰা বিহু আখৰাৰ লৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বিহুৰ সকলো প্ৰস্তুতি (Bihu preparation in Assam)। বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱা কৃষক সকলেও বছৰেকৰ মূৰত গৰু বিহুৰ দিনাখন গোহালিৰ গৰুক নতুন-পঘা দিয়াৰ উদ্দেশ্যে সাজি উলিয়াইছে তৰা পঘা (Farmers are busy making pagah for rangali bihu)।

কৃষক সকলৰ এনে এক ব্যস্ততা দেখিবলৈ পোৱা গৈছে মৰাণৰ সমীপৰ খোৱাং দলনিকোৰত ।

লগতে পঢ়ক : কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা

গাঁওখনৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল ব্যস্ত এতিয়া তৰাৰ পঘা আৰু মৰাপাটৰ পঘা প্ৰস্তুত কৰাত । ইতিমধ্যে পৰিয়ালকেইটাই হাজাৰ হাজাৰ পঘা নিজ ঘৰতে প্ৰস্তুত কৰি সমগ্ৰ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ বিভিন্ন বজাৰত বিক্ৰী কৰিবলৈ উলিয়াই দিছে ৷ পৰিয়ালকেইটাই উল্লেখ কৰা অনুসৰি, তেওঁলোকে নিজেই খেতি কৰা মৰাপাট আৰু হাবিৰ পৰা বিচাৰি অনা তৰা গছেৰে মেৰামতি কৰে এই পঘা সমূহ ।

ফাগুন, চ'ত মাহৰ পৰা মেৰামতি কৰি সম্পূৰ্ণ হোৱা পঘাসমূহ বজাৰত ২২ টকাৰ পৰা ২৫ টকা দৰত পাইকাৰী আৰু খুচুৰাকে বিক্ৰী কৰে । তেওঁলোকে বিহুৰ বাবে যাৱতীয় খৰচ এই পঘাৰ পৰাই উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে । ইফালে গৰুৰ সংখ্যা কমিছে বুলি বিভিন্ন সময়ত চৰ্চা চলিলেও এই পঘাৰ আদৰ বা বিক্ৰীৰ পৰিমাণ এতিয়াও কমা নাই বুলি পৰিয়ালকেইটাই উল্লেখ কৰে ।

এয়া চহা অসমীয়া ৷ এয়াই পৰিচয় অসমীয়া জাতিৰ ৷ হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে এনেদৰে এতিয়া ব্যস্ত সকলো ৷

লগতে পঢ়ক : মাটিৰ মমতাৰে কান্ধত নাঙল তুলি লৈ দিগন্ত কুটুমে পথাৰত জুৰিছে মৌ-বৰষা বিহুনাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.