ETV Bharat / state

ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ঊষাৰাণী বৰুৱাৰ বিয়োগ

author img

By

Published : Jun 18, 2021, 1:51 PM IST

ডিব্ৰুগড় জিলাৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা উষাৰাণী বৰুৱাৰ পুৱা আকস্মিক বিয়োগ ৷ বৰুৱাৰ আকস্মিক বিয়োগত মৰ্মাহত জিলাখনৰ বৌদ্ধিক মহল ।

usharani baruah passes away
বিশিষ্ট শিক্ষাবিদ ঊষাৰাণী বৰুৱাৰ বিয়োগ

ডিব্ৰুগড়,১৮ জুন: ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট লেখিকা উষাৰাণী বৰুৱাৰ পুৱা আকস্মিক বিয়োগ ঘটে ৷ তেওঁৰ আকস্মিক বিয়োগৰ খবৰ পোৱাৰ লগে লগে কানৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ মাজত শোকৰ ছাঁ পৰিছে ৷ ১৯৮২ চনত কানৈ মহাবিদ্যালয়ত যোগদান কৰা এইগৰাকী শিক্ষাবিদৰ অসমীয়া সাহিত্য জগতলৈ আছে যথেষ্ট অৱদান ৷

usharani baruah passes away
বিশিষ্ট শিক্ষাবিদ ঊষাৰাণী বৰুৱাৰ বিয়োগ

কানৈ মহাবিদ্যালয়ৰ পূৰ্বে তেওঁ ১৯৭৪ চনত নগাঁৱৰ কামপুৰ কলেজ আৰু ১৯৭৮ৰ পৰা ১৯৮২ চনলৈ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল ৷ 'অসমীয়া ভাষা-সাহিত্যত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদান:এটি বিশ্লেষণাত্মক অধ্যয়ন' শীৰ্ষক বিষয়ৰ গৱেষণা গ্ৰন্থৰ বাবে তেওঁ ১৯৯৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰিছিল ৷ তেওঁ অনেক মৌলিক সাহিত্যৰো সৃষ্টি কৰিছিল । 'সাহিত্য সম্ভাৰ' তেওঁৰ এখন মূল্যবান গ্ৰন্থ ৷ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত উষাৰাণী বৰুৱাই কানৈ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে, সাহিত্য ৰস আৰু মৰমীয়াল তথা সহজ সৰল ব্যক্তিত্বৰে অসমীয়া সাহিত্যৰ শিক্ষাদান কৰা শৈলীৰ বাবেও শিক্ষাৰ্থীসকলৰ মাজত এইগৰাকী অধ্যাপিকাৰ এক সুকীয়া পৰিচয় আছিল ৷

বৰুৱাৰ বিয়োগত কানৈ মহাবিদ্যালয় পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰাও লেখিকা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদগতি কামনা কৰে ৷ বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবৰ সভাপতি তথা প্ৰাক্তন কানৈয়ান মনজিৎ বৰা, যুটীয়া সম্পাদক তথা প্ৰাক্তন কানৈয়ান জেচিম আহমেদসহ ক্লাৱৰ আন বিষয়ববীয়া সকলেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.