ETV Bharat / state

Award to senior journalist Shobhit Kumar Chetri : প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা শোভিত কুমাৰ ছেত্ৰীলৈ

author img

By

Published : Aug 12, 2023, 11:06 AM IST

ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰিলে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীলৈ ৷ ডিব্ৰুগড়ৰ মিলন নগৰস্থিত মিলনজ্যোতি সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বটাঁ প্ৰদান অনুষ্ঠান ৷

late Neelim Chowdhury Memorial Journalism Award
প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা শোভিত কুমাৰ ছেত্ৰীলৈ

প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা শোভিত কুমাৰ ছেত্ৰীলৈ

ডিব্ৰুগড়, 12 আগষ্ট: ডিব্ৰুগড় প্ৰেছ ক্লাৱে 2023 বৰ্ষৰ প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰিলে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীলৈ । ডিব্ৰুগড়ৰ মিলন নগৰস্থিত মিলনজ্যোতি সংঘ প্ৰেক্ষাগৃহত শুকুৰবাৰে আবেলি ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় দ্বাদশ বাৰ্ষিক প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী স্মৃতিচাৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চতুৰ্থবাৰৰ বাবে প্ৰদান কৰা এই বঁটা মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

193 খন স্মৃতিগ্ৰন্থ সম্পাদনা আৰু বিগত চাৰিটা দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডিব্ৰুগড় প্ৰেছ ক্লাৱে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক প্ৰদান কৰিলে এই বৰ্ষৰ প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা । ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত নীলিম চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে নিজৰ ভাষণত কয়, "জীৱনত সাংবাদিক হ’ম বুলি কেতিয়াও ভবা নাছিলোঁ । সাহিত্য প্ৰীতিয়ে এই ক্ষেত্ৰখনলৈ টানি আনিলে । ভাষা-সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ আছে । এজন সফল সাংবাদিক হ'বলৈ সকলো ধৰণৰ জ্ঞান থাকিব লাগে ।"

ভাষণত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰে হোৱা সান্নিধ্যৰ কথা স্মৰণ কৰি ছেত্ৰীয়ে কয় , " 1989 চনত নীলিম চৌধুৰীৰ সান্নিধ্য লাভ কৰিছিলোঁ । সেইদিনাৰে পৰা নীলিম দাৰ সৈতে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল । সততাৰে সাংবাদিকতা কৰা দেখিছিলো নীলিম চৌধুৰীক ।" উল্লেখযোগ্য যে, শোভিত কুমাৰ ছেত্ৰীক প্ৰদান কৰা এই বঁটাত আছে গামোচা, চেলেং চাদৰ, ফুলৰ থোপা, গছপুলি, স্মাৰক, জাপি, মানপত্ৰ আৰু এখন 20 হাজাৰ টকাৰ চেক ।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক লক্ষীকান্ত মজিন্দাৰ বৰুৱা, ললিত শৰ্মা, সৌৰভ দুৱৰা, সঞ্জীৱ নন্দী, চন্দন ফুকন, যাদৱ গগৈ, অজয় দত্ত, স্বপ্নশ্ৰী গোস্বামী, পৰেশ আইণ্ড, সঞ্জীৱ বিশ্বাস, জেছিম আহমেদ, মনোজ পাণ্ডেকে ধৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, বাঙালী যুৱ-ছাত্র ফেডাৰেছন, টাই আহোম যুৱ পৰিষদৰ কৰ্ম কৰ্তা উপস্থিত থাকে ৷ অনুষ্ঠানত নীলিম চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী মালবিকা চৌধুৰী দত্ত, ভগ্নী লিপিকা বৰুৱা, মধুমিতা চৌধুৰী বৰ্মণ, ভনী জোঁৱাই হেমন্ত বৰ্মণ আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি তথা দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Sensational robbery : চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.