ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ গুলীত আহত গৰুচোৰ

author img

By

Published : Jul 8, 2021, 8:36 PM IST

গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল গৰু চোৰ টিকৰু ওৰফে আখতাৰ ৰাজা খানে ৷ বুধবাৰে মুঠ 95 টা গৰুসহ আটক হৈছিল গৰুচোৰটোক ৷

dibrugarh police gun fire on cow thief
ডিব্ৰুগড়ত গৰুচোৰলৈ গুলীচালনা

ডিব্ৰুগড়, 8 জুলাই : আৰক্ষী কৱলৰ পৰা পলায়ন কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিবলৈ চেষ্টা কৰোতেই দুৰ্ধষ গৰুচোৰ (Cow Thief) টিকৰু খানৰ সোঁ-ভৰিত গুলীচালনা কৰে ডিব্ৰুগড় আৰক্ষী (Dibrugarh Police)য়ে । বুধবাৰে মুঠ 95 টা গৰুসহ আটক হৈছিল গৰুচোৰ টিকৰু খান আৰু আন দুই সহযোগী ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত অধিক তদন্তৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ লৈ যোৱা মূহুৰ্তত আৰক্ষীৰ কৱলৰ পৰা পলায়ন কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ চেষ্টা কৰিছিল চোৰটোৱে ৷ সেইসময়তে টিকৰুৰ সোঁ-ভৰিত গুলীচালনা কৰে আৰক্ষীয়ে ৷

এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পুৱাৰ ভাগত চাপৰিত আৰু অধিক গৰু মজুত কৰি ৰখাৰ তথ্যৰ সন্ধানত টিকৰু খানক লৈ ডিব্ৰুগড় আৰক্ষীৰ এটা দলে চাপৰিলৈ যোৱাৰ সময়তে টিকৰুৱে ব্ৰহ্মপুত্ৰত জাঁপ দি পলাবলৈ চেষ্টা কৰিছিল । ইয়াৰ পাচতে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত পৰি টিকৰু মৃত্যুমুখত পৰাৰ সম্ভাৱনা দেখি তৎক্ষাণিকভাৱে সোঁ-ভৰিত গুলি কৰে ৷

ডিব্ৰুগড়ত গৰুচোৰলৈ গুলীচালনা

কিছুদিন পূৰ্বে টিকৰুৰ ভাতৃ মেৰাজ খানৰ বাসগৃহৰ পৰা গঁড়ৰ খৰ্গ, হাতীৰ দাঁত আৰু ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে মেৰাজক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

উল্লেখ্য যে, টিকৰুক আটক কৰাৰ পাচতেই ডিব্ৰুগড়ৰ সদৰ থানাৰ সন্মুখতে টিকৰুৰ পৰিয়ালে খৰ্গহস্ত হৈ ভিৰ কৰে ৷ লগতে টিকৰুক আটক কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টিকৰুৰ পৰিয়ালে ৷ অপৰাধীৰ ক্ষেত্ৰত আপোচ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীলৈ চোকা নিৰ্দেশ জাৰি কৰিছিল ৷ অপৰাধীৰ মূৰ আৰু বুকুৰ বাহিৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে তথা পলাবলৈ চেষ্টা কৰিলে প্ৰয়োজনত অপৰাধীক ভৰিত গুলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ সেই অনুযায়ী নিৰ্দেশৰ দুদিনৰ পাচতেই পলাবলৈ চেষ্টা কৰোতে ডিব্ৰুগড়ৰ আৰক্ষীয়ে অভিযুক্ত টিকৰু খান ওৰফে আখতাৰ ৰাজা খানলৈ গুলীচালনা কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত মহকুমাধিপতিৰ Sudden visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.