ETV Bharat / state

State anthem disrespect issue: জাতীয় সংগীতক অপমান, ডিব্ৰুগড়ৰ সাংস্কৃতিক উন্নয়ন বিষয়াক নিলম্বন

author img

By

Published : Feb 28, 2023, 10:30 AM IST

Disrespect to the State Anthem in Dibrugarh
অসমৰ জাতীয় সংগীতক চৰম অপমান

ডিব্ৰুগড়ত অসমৰ জাতীয় সংগীতক চৰম অপমান আয়োজকৰ ৷ সোমাবাৰে ডিব্ৰুগড়ত আয়োজন কৰা খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ অনুষ্ঠানত কাৰ্যসূচী আয়োজনৰ আৰম্ভণিতে পৰিৱেশন কৰা জাতীয় সংগীতক বিকৃতকৰণ কৰা হৈছিল ৷ ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতেই জাতীয় সংগীতক অপমান কৰা এই কাণ্ডক লৈ চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Union Minister Rameshwar Teli) ।

মৰাণ, ২৮ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত সোমাবাৰে আয়োজন কৰা খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ অনুষ্ঠানত কাৰ্যসূচী আয়োজনৰ আৰম্ভণিতে পৰিৱেশন কৰা জাতীয় সংগীতক কৰা বিকৃতকৰণৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা অনুষ্ঠানটোতেই বিকৃত ৰূপত পৰিবেশন কৰা হয় জাতীয় সংগীত (Disrespect to the State Anthem) ৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানটোতেই জাতীয় সংগীতক বিকৃতকৰণ কৰা হয় । ইয়াৰ পাছতে ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতেই জাতীয় সংগীতটোক বিকৃতকৰণ কৰা ঘটনাৰ বাবে জিলাখনৰ সাংস্কৃতিক বিভাগৰ বিষয়া ভনিতা হীৰা দাসক নিলম্বন কৰিছে ৰাজ্যৰ সাংস্কৃতিক বিভাগে (Cultural Development Officer of Dibrugarh suspended)। ভনিতা হীৰা দাসে ডিব্ৰুগড় জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া হিচাপে কৰ্মৰত হৈ আছিল ।

Disrespect to the State Anthem in Dibrugarh
অসমৰ জাতীয় সংগীতক চৰম অপমান

উল্লেখযোগ্য যে, সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্রশাসন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, বৃহত্তৰ ডিব্ৰুগড় খ্ৰীং খ্ৰীং বাইথ' মন্দিৰ পৰিচালনা সমিতি আৰু সোণোৱাল কছাৰী জাতীয় সংগঠন সমূহৰ সহযোগত ডিব্ৰুগড় মানকটাস্থিত খ্ৰীং খ্ৰীং বাইথ' মন্দিৰত অনুষ্ঠিত হোৱা "খ্ৰীং খ্ৰীং বাইথ' পুজা ২০২৩"ৰ অনুষ্ঠানত পৰিবেশন কৰা জাতীয় সংগীতক চৰম অপমান কৰা পৰিলক্ষিত হৈছিল (Department of Cultural Affairs Government of Assam) । কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাখনত অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে ফিউজন কৰি প্ৰস্তুত কৰা জাতীয় সংগীতটো পৰিবেশন কৰাত আপত্তি দৰ্শাইছিল সমবেত ৰাইজে (Disrespect to the State Anthem in Dibrugarh) ।

উপস্থিত ৰাইজৰ আপত্তিৰ পাছতে অনুষ্ঠানটোৰ পৰিচালকৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমাও খুজিব লগীয়া হৈছিল (Distortion of State Anthem) । এইদৰে জাতীয় সংগীতক চৰম অপমান কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ সচেতন মহলৰ মাজত । ইয়াৰ পাছতে ডিব্ৰুগড় জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া ভনিতা হীৰা দাসক চাকৰিৰ পৰা তৎকলিনভাৱে নিলম্বন কৰা হয় ।

ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে অসমৰ জাতি, মাটি, ভেটি আৰু সংস্কৃতি সুৰক্ষা কৰিম বুলি কোৱাসকলৰ হাততেই এতিয়া অসম আৰু অসমীয়াৰ অস্তিত্ব নিঃশেষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷ সেইবাবেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়া উপস্থিত থকা এটা অনুষ্ঠানত জাতীয় সংগীতক চৰম অপমান কৰিবলৈ একাংশ লোকে সাহস কৰিবলৈ সুযোগ পোৱা বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:Dhemaji inter district Bus Terminus: মুকলি নৌহওঁতেই ভূত বাংলালৈ পৰ্যবসিত ধেমাজি আন্তঃজিলা বাছ আস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.