ETV Bharat / state

Dibrugarh boy Kidnapped by NSCN: কৰ্মৰত অৱস্থাৰ পৰাই অপহৰণ কৰিলে ডিব্ৰুগড়ৰ যুৱকক

author img

By

Published : Feb 2, 2022, 9:01 PM IST

অৰুণাচল প্ৰদেশ লংডিং জিলাত পথ নির্মাণত জড়িত তিনিগৰাকী লোকক অপহৰণ কৰে NSCN(Y-K) উগ্ৰপন্থী সংগঠনে (Road construction employees kidnapped in Arunachal)। অপহৃত তিনিজনৰ এজন ডিব্ৰুগড় জিলাৰ হীৰেণ কোঁচ ৷

Dibrugarh boy Kidnapped by NSCN
কৰ্মৰত অৱস্থাৰ পৰাই অপহৰণ কৰিলে ডিব্ৰুগড়ৰৰ যুৱকক

মৰাণ, 2 ফেব্ৰুৱাৰী: অৰুণাচলৰ লংডিং জিলাৰ পুমাওৰ পৰা এন এছ চি এন উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ কামত কৰ্মৰত অসমৰ তিনিজন যুৱকক অপহৰণ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে (Employees kidnapped in Arunachal) । উল্লেখযোগ্য যে, ইয়াৰে এজন হৈছে ডিব্ৰুগড় জিলাৰ টিংখাং ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেণ কোঁচ (Dibrugarh boy abducted by NSCN)।

টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত বীৰেণ কোঁচ আৰু ৰশ্মিৰেখা কোঁচৰ বৰপুত্ৰ হীৰেণ কোঁচৰ অপহৰণৰ কথা পোহৰলৈ অহাৰ লগেলগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । অপহৃত হীৰেণ কোঁচে বিগত প্ৰায় চাৰিবছৰ ধৰি অৰুণাচলৰ লংদিঙত বুলডোজাৰ চালক হিচাপে কৰ্মৰত আছিল ।

কৰ্মৰত অৱস্থাৰ পৰাই অপহৰণ কৰিলে ডিব্ৰুগড়ৰৰ যুৱকক

যোৱা ৩১ জানুৱাৰীৰ নিশা ৭ বজাত পত্নীৰে শেষবাৰৰ বাবে বাৰ্তালাপ হোৱাৰ পাছৰে পৰা হীৰেণৰ ফোন বন্ধ পাইছিল পৰিয়ালৰ লোকে । বুধবাৰে অপহৰণ কাণ্ড সন্দৰ্ভত টিংখাং আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ, এজনক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.