Erosion at Dibrugarh: সংকটত ডিব্ৰুগড় বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লয়ৰ অস্তিত্ব

author img

By

Published : Sep 26, 2022, 9:51 PM IST

Dibrugarh Airport and Assam Medical College existence in danger
Erosion at Dibrugarh: সংকটত ডিব্ৰুগড় বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লয়ৰ অস্তিত্ব ()

চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা (Brahmaputra River Erosion at Dibrugarh)৷ নদীৰ বুকুত জাহ গৈছে ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠান । তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ ডিব্ৰুগড়ৰ নগাঘূলী অঞ্চলৰ ৰাইজৰ ৷

ডিব্ৰুগড়,26 ছেপ্টেম্বৰ: ভয়াৱহ গৰাখহনীয়াৰ কবলত ডিব্ৰুগড়ৰ নগাঘূলী(Brahmaputra River Erosion at Dibrugarh) । ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নগাঘূলী অঞ্চলত । বিগত এসপ্তাহ ধৰি হোৱা খহনীয়াত বৰলুইতৰ বুকুত জাহ গৈছে প্ৰায় পাঁচশ মিটাৰৰো অধিক ভূমি । নগাঘূলীৰ পৰা মথলাললৈকে প্ৰায় তিনি কিলোমিটাৰ অঞ্চলত বৰলুইতে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।

গুৰুত্বপূৰ্ণ যে, বৰলুইতৰ খহনীয়াই অঞ্চলটোৰ লগতে ডিব্ৰুগড় বিমান বন্দৰ আৰু ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়লয়ৰ অস্তিত্বও সংকটাপন্ন কৰি তুলিছে (Dibrugarh Airport and the historic Assam Medical College in danger) । আনকি ভাৰত চৰকাৰৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নগাঘূলিৰ টাৰ্মিনেল লোকেশ্যনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পথত ।

Erosion at Dibrugarh: সংকটত ডিব্ৰুগড় বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লয়ৰ অস্তিত্ব

কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপৰিবহন মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ গুৰুত্বপূৰ্ণ নৱনিৰ্মিত প্ৰকল্পলৈ নামি অহা সংকটৰ পিছতো বিভাগীয় মুৰব্বীসকলে গ্ৰহণ কৰি আহিছে নিৰ্বিকাৰ ভূমিকা(Central minister Sarbananda Sonowal) ।

শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী জনাইছে । গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ঠিকাদাৰে পাকুপাইনৰ ব্যৱস্থা কৰিছিল যদিও উন্নত মানদণ্ডৰ নোহোৱাত একেদিনাই বৰলুইতে উটুৱাই লৈ যায় ৰাইজে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

লগতে পঢ়ক: NHPC প্ৰকল্পৰ পাৱাৰ হাউছত প্লাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.