ETV Bharat / state

কৰ’ণা যোদ্ধাৰ কাষত চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চ

author img

By

Published : Aug 8, 2020, 3:54 PM IST

dibrugarah medical college  covid warrier helth conditions
এগৰাকী কৰ’ণা যোদ্ধাৰ কাষত চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চ

চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰসংশনীয় পদক্ষেপ ৷ কৰ’ণা যোদ্ধাৰ প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটীৰ পৰা আনিলে প্লাজমা ৷

ডিব্ৰুগড়,8 আগষ্টঃ এগৰাকী কৰ’ণা যোদ্ধাক বচাৱলৈ যুদ্ধকালীন প্ৰস্তুতি একাংশ লোকৰ ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত নাৰ্চ বিজু ৰাণী গগৈ আক্ৰান্ত হৈছিল কৰ’ণাত ৷ নাৰ্চ গৰাকীক চিকিৎসাৰ বাবে প্ৰযোজন হৈছিল বি+ প্লাজমাৰ ৷ ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়তো নাছিল বি+ প্লাজমা ৷ যাৰ বাবে চিন্তিত হৈ পৰিছিল চিকিৎসক সকল ৷ অৱশেষত কৰ’ণা বিৰোদ্ধে দিনে নিশাই যুজ দিয়া নাৰ্চ গৰাকীৰ জীৱন বচাবলৈ নাৰ্চ গৰাকীৰ কাষত থিয় দিলে ডিব্ৰুগড়ৰ চিকিৎসক ডাক্তৰ ভাষ্কৰ পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চ ৷ মাজ নিশা গুৱাহাটীৰ GMC ৰ পৰা অনা হ'ল প্লাজমা ৷

এগৰাকী কৰ’ণা যোদ্ধাৰ কাষত চিকিৎসক পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চ

উল্লেখযোগ্য যে, কৰ’ণা যুদ্ধা গৰাকীৰ জীৱন বচাবলৈ মাজনিশা কোনো এম্বুলেন্সলৈ বাট নাচাই মাৰোৱাৰী যুৱ মঞ্চৰ একাংশ সদস্যই প্ৰথমে গুৱাহাটীৰ পৰা নগাঁৱ । নগাঁৱৰ পৰা বোকাখাত , বোকাখাতৰ পৰা যোৰহাট । যোৰহাটৰ পৰা শিৱসাগৰ মৰাণ হৈ কাহিলি পুৱাৰ সময়ত প্লাজমা আনি অৱশেষত উপস্থিত হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৷ এগৰাকী কৰ’ণা যোদ্ধাৰ জীৱন বচাবলৈ এইদৰে দলবদ্ধ ভাবে আৰু যুদ্ধকালীন মনোভাৱেৰে কাম কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 1, আহত 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.