ETV Bharat / state

দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

author img

By

Published : Nov 11, 2020, 11:18 AM IST

ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা ৷ প্ৰশাসনে ৰঙীন লাইট বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিচতে বৃদ্ধি পাইছে থলুৱা মাটিৰ চাকিৰ চাহিদা ৷

demand-for-earthenware-has-increased-in-dibrugarh-on-the-occasion-of-diwali
দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

ডিব্ৰুগড়, 11 নৱেম্বৰ : ডিব্ৰুগড় জিলাৰ এশ বছৰৰো অধিক পুৰণি এখন বিশেষ বজাৰ । পূৰ্বপুৰুষৰ দিনৰে পৰা ডিব্ৰুগড়ত এই সকল মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । বিগত বৰ্ষৰ তুলনাত পোহৰৰ উৎসৱ দীপাৱলীত ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটি চাকিৰ বিক্ৰী ।

দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

বহু বছৰ আগৰে পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি এই শিল্প ডিব্ৰুগড়ত জীৱিত কৰি ৰাখিছে । জিলা প্ৰশাসনে ৰঙীন লাইট ডিব্ৰুগড়ত বন্ধ কৰাৰ লগে লগে স্থানীয় থলুৱা মাটি চাকিৰ বিক্ৰী বৃদ্ধি পোৱাৰ লগতে এই শিল্প জীৱিত হৈ থকাৰ নতুন এটা দিশ সূচনা হৈছে । যাৰ বাবে নিতৌ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা জিলাখন নানা স্থানলৈ ৰপ্তানি হৈছে থলুৱা শিল্পী সকলে নিৰ্মাণ কৰা এনে মাটি চাকি সমূহ ।

লগতে পঢ়ক : পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.