গো-মাংস সৰবৰাহ কৰি ৰঙাঘৰত মহিলা

author img

By

Published : Sep 27, 2021, 3:19 PM IST

Cow meat peddler arrested at Jaipur

গো-সুৰক্ষাৰ বাবে অসম চৰকাৰে ৰাজ্যত নতুন আৰু কঠোৰ আইন প্ৰণয়ন কৰি এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতো ৰাজ্যত এটা চক্ৰই অব্যাহত ৰাখিছে গো-মাংস বিক্ৰী আৰু সৰবৰাহৰ অবৈধ ব্যৱসায় ৷

মৰাণ, 27 ছেপ্টেম্বৰ : গো-সুৰক্ষাৰ বাবে অসম চৰকাৰে নতুন আৰু কঠোৰ আইনৰ পোষকতা কৰি ইতিমধ্যেই ইয়াৰ বাবে আইন প্ৰণয়ন কৰাৰ পিছতো একাংশ লোকে চলাই আছে অবৈধভাৱে গো-মাংসৰ বিক্ৰী আৰু সৰবৰাহ । ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰক্ষীয়ে দেওবাৰে গো-মাংস সৰবৰাহ কৰি থকা অৱস্থাত স্কুটীসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । নামৰূপৰ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত জয়পুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷

জয়পুৰত গো মাংস সৰবৰাহ কৰি গ্ৰেপ্তাৰ মহিলা

জয়পুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ স্কুটীৰ পৰা প্ৰায় ২০ কেজি গো-মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ আগত মহিলাগৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি, বিগত বৰ্ষৰ লকডাউন সময়ৰ পৰা মহিলাগৰাকীয়ে জয়পুৰত অবৈধভাৱে গো-মাংস কাটি প্ৰতি দেওবাৰে নামৰূপত আৰু বুধবাৰে নাহৰকটীয়াত যোগান ধৰি আহিছিল ।

আনহাতে মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত নামৰূপৰ নাচেৰ আলি নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যেই ঘটনা সন্দৰ্ভত জয়পুৰ থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২৯/২৯৫(এ) ধাৰাৰ অধীনত ৭৭/২০২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.