ETV Bharat / state

জিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি: লেজাইত সাপ্তাহিক বজাৰ

author img

By

Published : May 8, 2021, 1:12 PM IST

ধোঁৱাচাঙত ক'ভিড প্ৰট'কল । জিলা প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ডিব্ৰুগড়ৰ লেজাইত শনিবাৰে পুৱা বহিল সাপ্তাহিক বজাৰ । বহু লোকৰে মুখত নাই মাস্ক । বজাৰত পৰিলক্ষিত নহ'ল সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ছবি ।

Covid protocol violation in Moran market
ডিব্ৰুগড়ৰ লেজাইত পুৱাই বহিল সাপ্তাহিক বজাৰ

মৰাণ,৮ মে': কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত যোৱা ৭ মে'ত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল । কিন্তু প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালি কৰি শনিবাৰে ডিব্ৰুগড়ৰ লেজাই দেৱানবাৰী বাগান গে'টত পুৱাই বহিল সাপ্তাহিক বজাৰ । মহামাৰীৰ সংক্ৰমণৰ বিষয়ে জনাৰ পিছতো বজাৰত ভীৰ কৰিলে একাংশ অসচেতন লোকে ।

Covid protocol violation in Moran market
ডিব্ৰুগড়ৰ লেজাইত পুৱাই বহিল সাপ্তাহিক বজাৰ

বজাৰত চিন-চাবেই নাই সামাজিক দূৰত্বৰ । কেৱল এয়াই নহয়, বহুতৰে মুখত নাই মাস্ক । কিছুমান মাস্ক পৰিধান কৰিছে যদিও মাস্কে থুঁতৰিতহে ঠাই পাইছে । ক'ভিড প্ৰট'কল উলংঘা কৰি গণ সংক্ৰমণ বৃদ্ধিত সহায় কৰিছে বজাৰলৈ অহা অধিকাংশ গ্ৰাহকে । একাংশ লোকৰ সজাগতাৰ অভাৱে বৰ্তমান সমাজৰ আন সচেতন লোকসকললৈ বিপদ মাতি আনিছে ।

Covid protocol violation in Moran market
ডিব্ৰুগড়ৰ লেজাইত পুৱাই বহিল সাপ্তাহিক বজাৰ

উল্লেখ্য যে, শুকুৰবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছিল । কিয়নো ডিব্ৰুগড়ত মহামাৰীৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।

Covid protocol violation in Moran market
ডিব্ৰুগড়ৰ লেজাইত পুৱাই বহিল সাপ্তাহিক বজাৰ

কিন্তু প্ৰশাসনে ৰাইজৰ জীৱনৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ দ্বাৰা কিবা সুফল পোৱা যাবনে ! এতিয়াও বহু লোক অসাৱধান হোৱাৰ বাবে নিজৰ লগতে আন লোকৰ জীৱনৰ প্ৰতিও ভাবুকি আহিছে ।

Covid protocol violation in Moran market
ডিব্ৰুগড়ৰ লেজাইত পুৱাই বহিল সাপ্তাহিক বজাৰ

লগতে পঢ়ক: নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.