ETV Bharat / state

টিংখঙত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Oct 9, 2020, 2:07 PM IST

টিংখঙত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি
টিংখঙত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

টিংখঙত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ একাংশ বিজেপি নেতাই নিজৰ অঙহী বঙহীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ফলত প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰাৰ অভিযোগ ৷ প্ৰকৃত দুখীয়া হিতাধিকাৰীৰ পৰিৱৰ্তে ধনৱান লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ ৷

টিংখঙ, 9 অক্টোবৰ: টিংখঙত পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ দৰিদ্ৰ, বিধবা আৰু বিকলাংগ ব্যক্তিৰ পৰিৱৰ্তে হিতাধিকাৰীৰ তালিকাত ধনৱান ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ ৷ টিংখাঙৰ ধমন গাওঁ পঞ্চায়তৰ প্ৰকৃত হিতাধিকাৰীসকলে জানিবলৈ দিয়ে যে পঞ্চায়তখনত অৰুণোদয় আঁচনিৰ নামত কেৱল বিজেপিকৰণহে হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বঞ্চিত হৈছে বহুতো প্ৰকৃত হিতাধিকাৰী ৷ ভুক্তভোগী লোকসকলে অভিযোগ কৰি কয় যে টিংখঙত ইখনৰ পাছত সিখন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত অনুৰূপ ধৰণে দুৰ্নীতিৰ ঘটনা সংঘটিত হৈ আছে ৷

টিংখঙত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

বঞ্চিত হিতাধিকাৰী সকলে অভিযোগ উত্থাপন কৰে যে আঁচনিখনৰ হিতাধিকাৰিৰ তালিকাত ধনৱান ব্যক্তি সকলৰ নাম অন্তৰ্ভুক্ত কৰাত বঞ্চিত হৈ ৰৈছে বহু বিশেষভাৱে সক্ষম লোকৰ লগতে বিধৱা, অবিবাহিত আৰু দৰিদ্ৰ ব্যক্তি ৷ একাংশ বিজেপি নেতা কৰ্মী এই কাৰ্যত জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলি ভুক্তভোগী ৰাইজে কয় যে একাংশ বিজেপি নেতা আৰু ৱাৰ্ড সদস্যই প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে নিজৰ অঙহি বঙহিৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ ফলত বঞ্চিত হৈছে দুৰ্ভগীয়া ৰাইজ ৷
লগতে পঢ়ক: ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.