ETV Bharat / state

কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ ৰাজনৈতিক তৎপৰতা

author img

By

Published : Dec 16, 2020, 12:26 PM IST

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লাহোৱাল সমষ্টিত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেন্দ্ৰীক সংঘাত ৷ তাৰ মাজতে বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰ সমান্তৰাল ভাৱে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও দলীয় ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে লাহোৱালত ৷

Congress Non- existent at Lahowal
কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ ৰাজনৈতিক তৎপৰতা

মৰাণ,16 ডিচেম্বৰ: ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা ৷ একেটা দলৰ মাজতে দেখা গৈছে বহু কেইজন টিকট প্ৰয়াসী নেতা ৷ কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা ৷ বৰ্তমানলৈকে সমষ্টিটোত বিজেপি দলৰ পৰা আন প্ৰাৰ্থীৰ নাম চৰ্চালৈ অহা নাই যদিও কংগ্ৰেছ দলত আৰম্ভ হৈছে দলীয় সংঘাত ৷ পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে লাহোৱাল সমষ্টিত বিজেপি দলৰ মূল প্ৰতিদন্দ্বী হ'ব নেকি ঋতুপৰ্ণ বৰুৱা ?

Congress Non- existent at Lahowal
কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ ৰাজনৈতিক তৎপৰতা

ইফালে, কংগ্ৰেছৰ ভিতৰচৰাত হোৱা প্ৰাৰ্থী কেন্দ্ৰীক সংঘাতে আমোদ দিছে ৰাইজক ৷ এটা সময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত লাহোৱাল সমষ্টি এতিয়া অস্তিত্বৰ গৰাহত কংগ্ৰেছ দল ৷ বিধায়ক পদৰ বাবে উঠি পৰি লাগিছে মনোজ ধানোৱাৰ ৷ বিগত কেইমাহ মান ধৰি পৃথিৱী মাঝিতকৈ সক্ৰিয় হৈ সামাজিক কামত উঠি পৰি লগা দেখা গৈছে মনোজ ধানোৱাৰক ৷ ইয়াৰ সমান্তৰালভাৱে ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ দলীয় ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও ৷ অৱশ্যে ৰাইজে কাৰ চৰকাৰ গঠনত ভোট দান কৰে সেয়া সময়তহে পৰিলক্ষিত হ'ব ৷

লগতে পঢ়ক: শিৱসাগৰত আৰম্ভ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.