ETV Bharat / state

Bhaona Samaroh : আকাশ চুব খোজা ছাত্ৰ-ছাত্ৰীক আগুৱাই নিবলৈ এটা সুন্দৰ শৈক্ষিক আন্দোলন লাগিব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:32 PM IST

Closing Ceremony of Bhaona Samaroh
ভাওনা সমাৰোহ

টিংখাঙত পাঁচদিনীয়া ভাওনা সমাৰোহৰ সফল সামৰণি ৷ এহেজাৰ গৰাকী মহিলাৰ দিহানাম পৰিৱেশন ৷

টিংখাঙত ভাওনা সমাৰোহৰ সামৰণি

ডিব্ৰুগড়, 3 নৱেম্বৰ : নিজম পৰিল বায়ন মণিকান্ত লিকচন সোঁৱৰণি ক্ষেত্ৰ ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বৃহত্তৰ ৰাজগড়বাসী ৰাইজৰ আতিথ্যত 29 অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহখনিৰ সফল সামৰণি পৰে ৷ বৃহস্পতিবাৰে পুৱালৈকে অন্তিমখন ভাওনা পৰিৱেশনেৰে সামৰণি পৰা নিশা সমাৰোহৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত এহেজাৰ গৰাকী মহিলাৰ দ্বাৰা পৰিৱেশন কৰা দিহানামৰ অনুষ্ঠানে সমাৰোহখনিক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

বৃহস্পতিবাৰ নিশা অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে দক্ষিণপাত সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, অভ্যৰ্থনা সমিতিৰ সভাপতি বিশ্বনাথ চেলেঙকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

সমাৰোহত প্ৰথম শ্ৰেষ্ঠ দল শিৱসাগৰ জিলাৰ আমগুৰিৰ মণিকাঞ্চন ভাওনা দলে পৰিৱেশন কৰা নাট কুমৰ হৰণ-হৰিহৰ যুদ্ধ, দ্বিতীয় শ্ৰেষ্ঠ দল গোলাঘাটৰ সাৰংগপাণি শিল্পী সমাজে পৰিবেশন কৰা নাট ভাতৃবধু, তৃতীয় শ্ৰেষ্ঠ দল হিচাবে দুলীয়াজানৰ কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আৰু চতুৰ্থ শ্ৰেষ্ঠ দল হিচাপে মৰাণহাটৰ পাঞ্চজন্য নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা যযাতিৰ মুক্তি লাভ নাট কেইখনে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, আকাশ চুব খোজা ছাত্ৰ-ছাত্ৰীক আগুৱাই নিবলৈ এটা সুন্দৰ শৈক্ষিক আন্দোলন লাগিব ৷ অন্যায়ৰ বিৰুদ্ধে মাত মতাটোৱেই আছুৰ সত্তা ৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো সদৌ অসম ছাত্ৰ সন্থাৰ মূল সত্তা ৷ গুৰু দুজনাৰ অমৰ সৃষ্টি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে আছুৱে আধ্যাত্মিক আন্দোলন অব্যাহত ৰাখিব বুলি কয় তেওঁ ৷

লগতে পঢ়ক : Road accident: দুৰ্ঘটনাত পতিত ৰামেশ্বৰ তেলীৰ কনভয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.