ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ চকুত ধূলি মাৰি নিয়োজিত শিশু শ্ৰমিক

author img

By

Published : Jul 24, 2021, 8:38 AM IST

ডিব্ৰুগড়ৰ চাহ ফেক্টৰীত শিশু শ্ৰমিক নিয়োগৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে ৷ আছুৰ অভিযানত পোহৰলৈ আহিছে শিশু শ্ৰমিক নিয়োগৰ ঘটনা ৷

child-labour-rescued-by-aasu-at-dibrugarh
ডিব্ৰুগড়ত শিশু শ্ৰম আইনলৈ বুঢ়া আঙুলি

মৰাণ, 24 জুলাই : শিশু শ্ৰম আইন কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হোৱাৰ সময়তে ডিব্ৰুগড় চাহ বাগিচাৰ ফেক্টৰীত ব্যৱহাৰ কৰা হৈছে শিশু শ্ৰমিক ৷ ফাৰনাজ টি প্ৰাইভেট লিমিটেড নামৰ ফেক্টৰীটোত সংঘটিত হৈছে শিশু শ্ৰমিক নিয়োজিত কৰাৰ ঘটনা ৷ মোহনবাৰীস্থিত চাহ ফেক্টৰীটোত শিশু শ্ৰমিক নিয়োজিত কৰাৰ দৃশ্য ধৰা পৰিল কেমেৰাত‌ ৷

প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰা উত্থাপিত অভিযোগৰ পিছতে বৃহস্পতিবাৰে নিশা ফাৰনাজ টি প্ৰাইভেট লিমিটেডৰ ফেক্টৰীত আছুৰ এটা দলে চলাই অভিযান ৷ অভিযানকালত 9-10 বছৰীয়া পাঁচজন শিশু শ্ৰমিকক কাম কৰা অৱস্থাত প্ৰত্যক্ষ কৰে লাহোৱাল আছুৰ এটা দলে ৷ দলটোক দেখা মাত্ৰকে শিশুকেইটাই ফেক্টৰীটোৰ পৰা পলায়ন কৰে ৷

ডিব্ৰুগড়ত আৰক্ষীৰ চকুত ধূলি মাৰি নিয়োজিত শিশু শ্ৰমিক

ইফালে আছুৰ দলটোক ফেক্টৰীৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰা বুলিও অভিযোগ উঠিছে ৷ আছুৰ দলটোৱে অভিযোগ কৰা মতে, ডিব্ৰুগড়ৰ প্ৰায়বোৰ ফেক্টৰীয়ে ফেক্টৰীয়ে কম খৰচত নিয়োজিত কৰিছে এনে বহু শিশু শ্ৰমিক ৷ এইক্ষেত্ৰত আৰক্ষী আৰু জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ডিব্ৰুগড়ৰ সচেতন ৰাইজৰ লগতে ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

উল্লেখ্য যে, শিশু শ্ৰম আইন কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ চৰকাৰ তৎপৰ হৈ থকাৰ মাজতে এচাম দুষ্ট লোকে দৰিদ্ৰতাৰ সুযোগ লৈ নিজৰ কামত ব্যৱহাৰ কৰিছে বহু পৰিয়ালৰ শিশুক ৷ আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি মাৰি এইদৰে বহুক্ষেত্ৰত নিয়োজিত হৈ আছে কণ কণ শিশু ৷ বহু সময়ত শিশু শ্ৰমিক ব্যৱহাৰৰ ঘটনা পোহৰলৈ আহে, যদিও বেছি সংখ্যক ঘটনাই পোহৰলৈ নাহে ৷ যাৰ বাবে একাংশ বিত্তবান তথা ধনবল, বাহুবলেৰে বলীয়ান লোকে চৰকাৰ তথা আইনৰ সকলো নিৰ্দেশক অৱমাননা কৰি নিজৰ কামত ব্যৱহাৰ কৰি আহিছে শিশু শ্ৰমিকসকলক ৷

লগতে পঢ়কঃ গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈঠকত মিলিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.