ETV Bharat / state

নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

author img

By

Published : Jun 26, 2021, 11:27 AM IST

শুকুৰবাৰে নামৰূপত থকা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প'ৰেছন লিমিটেডৰ কাৰখানা পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই । কাৰখানা কৰ্তৃপক্ষৰে আলোচনাতো মিলিত হয় আছুৰ নেতাসকলে । উত্তৰ-পূৱৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানাটোত মৃত্যুঘন্টা বজাৰ পৰ্যায় আহি পৰাতো চৰম পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

Central leader of AASU visited Brahmaputra valley fertilizer corporation limited in Namrup
নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

মৰাণ, ২৬ জুন : এফালে ২০২২ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ইউৰিয়া আমদানি নকৰাৰ সিদ্ধান্ত লৈছে, আনফালে ইউৰিয়া উৎপাদন কৰা সাৰ কাৰখানাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই । ১৯৬৬ চনত অসমৰ নামৰূপত স্থাপন কৰা সাৰ কাৰখানাটোৰ এতিয়া মৃতপ্ৰায় অৱস্থা । উত্তৰ-পূৱৰ একমাত্র গেছভিত্তিক সাৰ কাৰখানাটোৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । বিগত ১৪ বছৰে সাৰ কাৰখানাটোৰ চতুর্থ গোট স্থাপন হোৱাৰ কথা চৰকাৰে কৈ আহিছে যদিও সেয়া আজিও কাৰ্যকৰী হৈ উঠা নাই ।

Central leader of AASU visited Brahmaputra valley fertilizer corporation limited in Namrup
নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই নামৰূপত থকা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প'ৰেশ্যন লিমিটেডৰ কাৰখানা পৰিদৰ্শন কৰে । লগতে কাৰখানা কৰ্তৃপক্ষৰে আলোচনাতো মিলিত হয় আছুৰ নেতাসকলে । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে কাৰখানাৰ তৃতীয়টো গোট অধিক উৎপাদনক্ষম কৰি অতি শীঘ্ৰে চতুৰ্থটো গোট স্থাপনৰ বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায় ।

Central leader of AASU visited Brahmaputra valley fertilizer corporation limited in Namrup
নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষৰে আলোচনা আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, ‘সমগ্ৰ উত্তৰ-পূৰ্ৱাঞ্চল সাৰৰ ক'লা বজাৰে গ্ৰাস কৰা আৰু উত্তৰ-পূৱৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানাটোত মৃত্যুঘন্টা বজাৰ পৰ্যায় আহি পৰাতো চৰম পৰিতাপৰ বিষয় । কাৰখানাটোৰ তৃতীয়টো গোটৰো বৰ্তমান অৱস্থা শোচনীয় । চতুৰ্থ গোট স্থাপন কৰিম বুলি চৰকাৰে জনতাক আভুঁৱাভাৰি মাথোঁ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আছে । ’

Central leader of AASU visited Brahmaputra valley fertilizer corporation limited in Namrup
নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

চলিত বৰ্ষত কাৰখানাটোত ১ মাৰ্চৰ পৰা ১১ জুনলৈ ৭২ দিনত নিৰ্ধাৰিত ৭২০০০ মেট্ৰিক টনৰ বিপৰীতে মাত্ৰ ২৬,৬০০ মেট্ৰিক টন ইউৰিয়া উৎপাদন হোৱাটো অতি উদ্বেগজনক বিষয় । উল্লেখ্য যে, ২০০২ চনত কাৰাখানটোৰ দ্বিতীয় আৰু তৃতীয় গোট পৰিচালনাৰ দায়িত্ব হিন্দুস্তান সাৰ নিগমৰ পৰা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প'ৰেছন লিমিটেডলৈ হস্তান্তৰ কৰা হয় । কিন্তু ইয়াৰ পিছতো কোনো পৰিৱৰ্তন হোৱা নাই । আশানুৰূপভাৱে উৎপাদন বৃদ্ধি পোৱা নাই ।

Central leader of AASU visited Brahmaputra valley fertilizer corporation limited in Namrup
নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ
লগতে পঢ়ক:ক'ভিড নিৰ্দেশনা অধিক কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.