জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

author img

By

Published : Aug 24, 2021, 10:10 PM IST

Jan Ashirwad Yatra

যোৰহাটত জন আশীৰ্বাদ যাত্ৰাৰ অনুষ্ঠানত তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা উপস্থিত থকা কাৰ্যক সফলতাৰ প্ৰমাণ বুলি উল্লেখ কৰিলে বিজেপি দলে ৷ অৱশ্যে যোৰহাট জিলাৰ উপায়ুক্তৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবেহে ভাস্কৰ জ্যোতি বৰুৱাই এই অনুষ্ঠানত অংশ লোৱা বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ডিব্ৰুগড়, 24 আগষ্ট : ‘‘কংগ্ৰেছীয়ে জন আশীৰ্বাদ যাত্ৰাক যিমান সমালোচনা কৰিলেও তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা বিজেপিৰ আশীৰ্বাদ যাত্ৰাত উপস্থিত থকা কাৰ্যই আশীৰ্বাদ যাত্ৰাৰ গভীৰতা, দৃঢ়তা আৰু সফলতাক প্ৰকাশ কৰিলে । আশীৰ্বাদ যাত্ৰা কিমান সফল হৈছে বা বিফল হৈছে সেই কথাখিনি নিশ্চয় কংগ্ৰেছী বিধায়কগৰাকীৰ অংশগ্ৰহণে প্ৰমাণ কৰে ৷’’এই মন্তব্য ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সম্পাদক বিকুল ডেকাৰ ।

ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যক মুখপাত্ৰ সুভাষ দত্তৰ সৈতে এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য আগবঢ়াই বিকুল ডেকাই । অখিল গগৈয়ে বিজেপিক সমালোচনা কৰিবলৈ গৈ ব্যৱহাৰ কৰা শব্দৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ‘‘অসমীয়া অভিধানত বহু ভাল শব্দ আছে যিবোৰ শব্দৰ জৰিয়তে আমি আমাৰ প্ৰতিবাদ বা মনৰ খং প্ৰকাশ কৰিব পাৰোঁ ৷ আমি অখিল গগৈ ডাঙৰীয়াক এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে বা এটা বিৰোধী শক্তি হিচাপে এটা কথা কওঁ যে, তেওঁ অসমীয়া অভিধান বিলাক ভালকৈ অধ্যয়ন কৰি সেই অভিধানৰ শব্দবোৰ প্ৰয়োগ কৰি তেওঁৰ খং আৰু প্ৰতিবাদ বিলাক প্ৰকাশ কৰক ৷

জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

লগতে পঢ়ক : তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো সাঙুৰি ভাল শব্দ ব্যৱহাৰ কৰিবলৈ আহ্বান বিকুল ডেকাৰ । ইফালে সংবাদমেলত দলৰ মুখপাত্ৰ সুভাষ দত্তই কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক ধন্যবাদ জনায় ৷ কংগ্ৰেছী বিধায়ক গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হোৱা বুলিও উল্লেখ কৰে দত্তই । লগতে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰসংগত অখিল গগৈৰ ভাষা প্ৰয়োগত দত্তয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক : Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

উল্লেখ্য যে, সোমবাৰে যোৰহাটত অনুষ্ঠিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত বিজেপিৰ নেতা-মন্ত্ৰীৰ সৈতে একেখন মঞ্চত দেখা গৈছিল তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক ৷ যাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চাও আৰম্ভ হৈছে ৷ বহুতেই সম্ভাৱনা ব্যক্ত কৰিছে যে, ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ দৰে ভাস্কৰ জ্যোতি বৰুৱাইও হয়তো বিজেপি মুখী হ’বলৈ মন মেলিছে ৷ কিন্তু সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কংগ্ৰেছৰ এক সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্ট কৰি দিয়ে যে, যোৰহাট জিলাৰ উপায়ুক্তৰ আহ্বান মৰ্মেহে সেই সভালৈ গৈছিল বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই : ভূপেন বৰা

অসমীয়াত এষাৰ কথা আছে, মাতিলে ৰণলৈও যাবা আৰু নামাতিলে সবাহলৈও নাযাবা ৷ নিমন্ত্ৰণ লাভ কৰাৰ বাবেই ভাস্কৰ জ্যোতি বৰুৱা জন আশীৰ্বাদ যাত্ৰাত উপস্থিত থকা বুলি ধৰি লৈছে কংগ্ৰেছ দলে ৷ অৱশ্যে এই সমগ্ৰ বিষয়ৰ এক তদন্তৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দায়িত্ব অৰ্পন কৰিছে ভূপেন বৰাই ৷ বিগত কেইদিনত নিৰন্তৰভাৱে বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰা দেখা গৈছে কংগ্ৰেছ দলক ৷ তাৰ মাজতে ভাস্কৰ জ্যোতি বৰুৱাৰ উপস্থিতি বহুতৰ বাবে হৈ পৰিছে নুবুজা সাঁথৰ ৷

লগতে পঢ়ক : অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ নহয় অভিশাপহে দিছে: অখিল গগৈ

উল্লেখ্য যে বিজেপি শেহতীয়া প্ৰায় 357 কিলোমিটাৰ জোৰা জন আশীৰ্বাদ যাত্ৰাৰ সবিশেষ জনাবলৈ ডিব্ৰুগড়ৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই সংবাদ মেল ৷ দীৰ্ঘকাল কংগ্ৰেছত সেৱা আগবঢ়াই বৰ্তমান বিজেপিত যোগদান কৰা বিজেপিৰ আন এগৰাকী মুখপাত্ৰ কল্যান গগৈয়েও ভূপেন বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰাৰ প্ৰসংগত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । সংবাদ মেলত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক মিডিয়া চেলৰ বিষয়ববীয়া বিষ্ণু কোচ, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ আদি ৷

লগতে পঢ়ক : সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.