ETV Bharat / state

থাওৰাত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই : ৰাজ্যিক বিজেপিৰ সভাপতি

author img

By

Published : Oct 21, 2021, 11:07 AM IST

bhabesh kalita at thowra
থাওৰাত ভৱেশ কলিতা

থাওৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই ৷ লগতে বিধায়ক অখিল গগৈ(Akhil Gogoi)ও তেওঁলোকৰ খেলৰ পৰা বহু দূৰত থকা বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

মৰাণ, 21 অক্টোবৰ : বুধবাৰে থাওৰাৰ তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই ৷ সমাগত উপ-নিৰ্বাচন(By Election)ৰ বাবে 107 নং থাওৰা সমষ্টি(Thowra Constituency)ৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই(Sushanta Borgohain)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ সভাপতিগৰাকীয়ে ৷

তেওঁ সমষ্টিটোৰ ৰজাবাৰী, দুপনি আৰু শুকান পুখুৰীত অনুষ্ঠিত হোৱা নিবাৰ্চনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ সভাত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে, থাওৰাত বিজেপি দলৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷ কমিটিৰ সৈতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ লেখীয়াহে হৈছে ৷

আনহাতে, সাংবাদিকে বিধায়ক অখিল গগৈ(Akhil Gogoi) ৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অখিল গগৈ বহু দূৰত আছে ৷ খেলত তেওঁ বহুত গ’ল খাব ৷

থাওৰাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ভৱেশ কলিতা

বিজেপিৰ প্ৰতিটো বলেৰে অখিল গগৈক গ’ল দিব বুলি কটাক্ষ কৰে সভাপতি ভৱেশ কলিতাই ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত সভাপতি ভৱেশ কলিতাৰ সৈতে মন্ত্ৰী যোগেন মহন(Jogen Mohan) আৰু বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে ।

উল্লেখ্য যে, উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত অন্যতম থাওৰা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নেতা-মন্ত্ৰীৰে ভৰি পৰিছে থাওৰা ৷ কিন্তু থাওৰাৰ ৰাইজে কাক বিশ্বাসত লয়, সেয়া নিৰ্বাচনী ফলাফলতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : অখিল গগৈক তিনি মিনিটৰ বিধায়ক আখ্যা দিলে প্ৰশান্ত ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.