পৰেশ বৰুৱাক ধন্যবাদ জনালে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই

author img

By

Published : Aug 15, 2021, 10:27 PM IST

A_Moran_8046_MLA Binod Hazarika thanked to Paresh Boruah_As10031

স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ পৰাই আলফা সেনাধক্ষ্য পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ৷ আলফাই হিংসাত্মক কাৰ্যৰ পৰা বিৰত থকাৰ বাবেই ৰাজ্যবাসীয়ে এইবাৰ শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছে বুলি মন্তব্য বিধায়ক গৰাকীৰ ৷

মৰাণ, 15 আগষ্ট : দেশ স্বাধীন হোৱাৰ পৰা আজি পৰ্যন্ত ৰাজ্যত স্বাধীনতা দিৱস উদযাপন কৰাক লৈ ৰাইজৰ মাজত সদায় ভয় আৰু সংশয়ে দেখা দিছিল । আৰক্ষী প্ৰশাসনে মাহজোৰা প্ৰস্তুতিৰে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল । কাৰণ এটাই আছিল অসমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে (ULFA) প্ৰতি বছৰে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল ।

আলফাই প্ৰতিবছৰে স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুটাঘাত সংঘটিত কৰি সন্ত্ৰাসমূলক কাৰ্য অব্যাহত ৰাখিছিল । কিন্তু এইবাৰ তাৰ ব্যতিক্ৰমী পৰিৱেশ দেখা গ'ল ৰাজ্যত । আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই (Paresh Baruah) স্বাধীনতা দিৱসৰ পূৰ্বে এইবাৰ স্বাধীনতা দিৱসত কোনো কূটাঘাত সংঘটিত নকৰাৰ কথা প্ৰকাশ কৰিছিল ।

আলফাৰ এই সিদ্ধান্তৰ ফলত পূৰ্বৰ তুলনাত এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি উদযাপন কৰিলে স্বাধীনতা দিৱস ।

পৰেশ বৰুৱাক ধন্যবাদ জনালে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই

আলফাৰ এই সিদ্ধান্তক সৰ্বস্তৰৰ লোকে আদৰণি জনাইছে ৷ লগতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকায়ো আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে | বিধায়কগৰাকীয়ে চাবুৱাৰ স্বাধীনতা দিৱসৰ এক কাৰ্যসূচীত অংশ ল'বলৈ আহি সাংবাদিকৰ আগত কয় যে, আলফাই হিংসাত্মক কাৰ্যৰ পৰা বিৰত থকাৰ বাবেই ৰাজ্যবাসীয়ে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছে ।

উল্লেখ্য যে, আলফা (স্বা)এ স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ প্ৰদান নকৰাৰ উপৰিও পুনৰ তিনিমাহৰ বাবে বৃদ্ধি কৰিছে যুদ্ধবিৰতিৰ সীমা ৷ সংগঠনটোৰ এই সিদ্ধান্তক আদৰণি জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা সেনাধক্ষ্য পৰেশ বৰুৱাক অস্ত্ৰ ত্যাগ কৰি স-সন্মানে মূলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : আই এন এছ সিন্ধুৰক্ষকৰ সৈতে সাগৰৰ বুকুত শুই পৰা অসমীয়া ডেকাজন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.