বিবাহিত সুন্দৰী মহিলাৰ প্ৰেমত পৰি কি হ’ল ভূৱা বেংকৰ মেনেজাৰৰ ?

author img

By

Published : Sep 11, 2021, 5:49 PM IST

bank-manager-from-moran-finds-himself-in-trouble-for-illegal-affair

সুন্দৰী বোৱাৰীৰ প্ৰেমত পৰি ভূৱা বেংকৰ মেনেজাৰ সন্মুখীন হ’ল লটি-ঘটিৰ ৷ বোৱাৰীক পলুৱাই নিবলৈ যোৱা তথাকথিত মেনেজাৰক লপা-থপা দি ৰাইজে গটালে মৰাণ আৰক্ষীক ৷

মৰাণ, 11 ছেপ্টেম্বৰ : প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ হৃদয়ৰ পৰা স্বতস্ফূৰ্তভাৱে নিগৰা এই অনুভূতিয়ে বহুতকেই নতুন জীৱনৰ সন্ধান দিয়ে ৷ এক কথাত জীৱনটোকে নতুন দৃষ্টিৰে চাবলৈ শিকে প্ৰেমত পৰা মানুহ এজনে ৷ প্ৰেমত পৰিয়েই বহু ৰত্নাকৰেও বাল্মিকীৰ ৰূপ লয় ৷ কিন্তু, প্ৰেম মানেই অকন ৰঙা গোলাপৰ পাঁহিয়েই নহয় কাইটৰ আচোৰো থাকে প্ৰেমত ৷ সততে প্ৰেমত পৰিয়েই জলা-কলা খায় বহু প্ৰেমিক প্ৰেমিকাই ৷

এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হ’ল এজন যুৱকৰ লগত ৷ নিজকে এজন বেংক মেনেজাৰ বুলি চিনাকি দি ফূৰা যুৱকজনো প্ৰেমত পৰিল ৷ পিছে সকলো প্ৰেমকে সমাজে বৈধতা নিদিয়াৰ বাবেই তেওঁৰ এই প্ৰেমে এতিয়া অবৈধ প্ৰেমৰ আখ্যা পাইছে ৷ মৰাণৰ ইউকো বেংকৰ মেনেজাৰ বুলি পৰিচয় দিয়েই ধেমাজিৰ জয়ন্ত গগৈয়ে ইউকো বেংকত এটা চাকৰি ওলাইছে বুলি কৈ চিনাকি হৈছিল এগৰাকী মহিলাৰ সৈতে ৷ পিছে কেৰোণ সেইখিনিতেই ইতিমধ্যে বিবাহিত মহিলা গৰাকীৰ আছে এটা তিনি বছৰীয়া কন্যা সন্তান ৷

বিবাহিত সুন্দৰী মহিলাৰ প্ৰেমত পৰি কি হ’ল ভূৱা বেংকৰ মেনেজাৰৰ ?

যুৱকজনৰ মনৰ ইচ্ছা মহিলা গৰাকীয়ে গম পাইছিল আৰু তেওঁৰ প্ৰস্তাৱত সন্মত হোৱা নাছিল বুলি অভিযোগ কৰে মহিলা গৰাকীয়ে ৷ কিন্তু মান্তি হোৱা নাছিল জয়ন্ত ৷ বোৱাৰী গৰাকীয়ে অভিযোগ কৰা অনুসৰি, যুৱকজনে দীৰ্ঘদিনৰ পৰা বিভিন্ন অজুহাত দি মহিলাগৰাকীক ব্লেকমেলিং কৰি আহিছিল তেওঁক ।

অভিযোগ মতে, যুৱকজনে শুকুৰবাৰে বোৱাৰী গৰাকীক শাৰিৰীক ভাৱেও আক্ৰমণ কৰিছিল । নিশা দুজনমানক লগত লৈ বোৱাৰী গৰাকীক পলুৱাই নিবলৈ গৈছিল হেনো জয়ন্ত ৷ পিছে তেওঁৰ অভিপ্ৰায়ৰ কথা গম পাই বোৱাৰী গৰাকীৰ পৰিয়ালে হাতে-লোটে ধৰি গাঁৱৰ ৰাইজক গটাই দিয়াত ৰাইজে যুৱক জনক লপা-থপা দি মৰাণ আৰক্ষীক চমজায় দিয়ে ৰাইজে । এই সমগ্ৰ ঘটনাটোৱে বহুতকে আমোদ দিছে যদিও এইয়া যুৱ মানসিকতাৰ পতন বুলিও এতিয়া অভিযোগ কৰিছে বহুতেই ৷

লগতে পঢ়ক : মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.