ETV Bharat / state

অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

author img

By

Published : Dec 10, 2020, 10:42 PM IST

Assam Different Places Celebrates Martyrs' Day
অসম আন্দোলনৰ শ্বদীদক সুঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

অসমৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন ৷ তেজপুৰতো শ্বহীদ দিৱস পালন ৷ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মৰাণ-বঙাইগাঁৱতো পালন কৰা হৈছে শ্বহীদ দিৱস পালন ৷

তেজপুৰ,মৰাণ,বঙাইগাঁও 10 ডিচেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ সকলক প্ৰকৃত জাতীয় নায়ক আখ্যা দি অসমত বিজেপি চৰকাৰ থকালৈকে অসমীয়া জাতি সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য প্ৰদান কৰে ৷ তেজপুৰত বিজেপিৰ যুৱ মৰ্চাই আয়োজন কৰা শ্বহীদ দিৱসত শ্বহীদক শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য প্ৰদান কৰে । ইফালে, শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ শ্বহীদ বাকৰিত অৰ্ধনিৰ্মিত হৈ থকা ভৱনৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আঢ়ৈ কোটি টকা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে ।

Assam Different Places Celebrates Martyrs' Day
তেজপুৰৰ দৃশ্য

লগতে পঢ়ক : বন্য হস্তীৰ উপদ্ৰৱ :গুলী চলাবলৈ বাধ্য হ’ল বনকৰ্মী

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৷ মিঞা মিউজিয়াম, মিঞা স্কুল, কবিতাৰ প্ৰসংগ উত্থাপন কৰি মিঞা সাহিত্য, সভ্যতা অসমীয়া জাতিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান বুলিও মন্ত্ৰীজনে সভাত উল্লেখ কৰে ৷ সন্দেহযুক্ত নাগৰিকে শাক-পাচলি আৰু মাছত বিষাক্ত ৰাসয়নিক দ্ৰব্য মিহলাই নতুন প্ৰজন্মক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে যাৰবাবে চৰ-চাপৰিত অসমীয়াই দখল কৰিব লাগিব বুলি তেওঁ বক্তব্যত উল্লেখ কৰে ৷

উল্লেখ্য যে, সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি দলীয় নেতাকৰ্মীৰ লগতে সৰ্বস্তৰৰ ৰাইজ উপস্থিত থাকে ৷

Assam Different Places Celebrates Martyrs' Day
তেজপুৰৰ দৃশ্য

লগতে পঢ়ক : অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালকৰ মৃত্যুৰ খতিপূৰণ বিচাৰি প্ৰতিবাদ

ইফালে, অসম আন্দোলনৰ প্ৰথম গৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে 855 গৰাকী বীৰ শ্বহীদক স্মৰণ কৰি 'মৰাণ আঞ্চলিক ছাত্ৰ সন্থা'ৰ উদ্যোগত আৰু মৰাণ মহাবিদ্যালয় 'আছু' গোটৰ সহযোগত মৰাণ মহাবিদ্যালয়ৰ শ্বহীদ বেদীস্থলীত আঞ্চলিক ছাত্ৰ সন্থাই 'শ্বহীদ দিৱস' পালন কৰে ।

Assam Different Places Celebrates Martyrs' Day
মৰাণৰ দৃশ্য

কাৰ্যসূচীত উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নীলিমা তালুকদাৰ, মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, যদুনাথ পুৰীৰ লগতে মৰাণ মহাবিদ্যালয় বহু কেইজন অধ্যাপক, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ।

Assam Different Places Celebrates Martyrs' Day
মৰাণৰ দৃশ্য

লগতে পঢ়ক : বন্য হস্তীৰ উপদ্ৰৱ :গুলী চলাবলৈ বাধ্য হ’ল বনকৰ্মী

আনহাতে, বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰে । পতাকা উত্তোলন, ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ আয়োজন কৰা হয় ৷ শ্বহীদ দিৱসত উপস্থিত থাকে সদৌ বঙাইগাঁও জিলা ছাত্র সন্থাৰ সভাপতি বিনোদ নাথৰ লগতে সদৌ বঙাইগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক জ্যোতিশংকৰ চৌধুৰী ।

Assam Different Places Celebrates Martyrs' Day
মৰাণৰ দৃশ্য

লগতে পঢ়ক : শেষ বিন্দু তেজ থকা লৈকে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.