লক্ ডাউন নহয় অসমত; ক’লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jan 5, 2022, 8:53 PM IST

Dibrugarh visit by Assam CM

ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী Assam Cm on pandemic covid situation ৷ শেহতীয়াকৈ অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত নতুন SOP-ৰ কথাও চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷

নিউজ ডেস্ক, 5 জানুৱাৰী : ৰাজ্যত পুনৰ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড পৰিস্থিতিয়ে ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি ক’ভিডৰ অন্য এক প্ৰজাতি অ’মিক্ৰণ ৷ চুবুৰীয়া মেঘালয় স্পৰ্শ কৰি পাঁচগৰাকী ব্যক্তিৰ দেহত স্থিতি লৈছে অ’মিক্ৰণে ৷ যি ঘটনাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ ইয়াৰোপৰি আই আই টি গুৱাহাটীত অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ।

ইয়াৰ মাজতে অ’মিক্ৰণে বিশেষ অপকাৰ নকৰে যদিও ইয়াৰ সংক্ৰমণ দ্ৰুতগতিত হয় বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ জৰিয়তে অ’মিক্ৰণৰ বাবে শংকিত হ’ব নালাগে বুলি অভয়বাণী দিয়াৰ পিছত বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM concerned about Assam Covid situation) ৷ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নতুন SOP ৰ সন্দৰ্ভত চিন্তা-চৰ্চা আৰম্ভ কৰিছে ৷

বুধবাৰে দুলীয়াজানত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশত অ’মিক্ৰণৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমান ৰাজ্যত দৈনিক 100 জনকৈ বৃদ্ধি পাইছে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি অসমত কৰ’ণা ৰোগীৰ সংখ্যা হৈছে গৈ 450 গৰাকী ৷ নতুন SOP ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, 6 জানুৱাৰীত এই বিষয়ত গুৱাহাটীত আলোচনাত বহিব চৰকাৰ । অৰ্থাৎ অসমত লক্ ডাউন নহ'লেও নতুন SOP দিয়াৰ ইংগিত বহন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দীঘলীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে পুৱাই বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত উপস্থিত হয় । মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰাসহ কেইবাজনো বিধায়কে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত দীঘলীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma in Dibrugarh)।

যোৱা ৩ আৰু ৪ জানুৱাৰীত দুলীয়াজানত আয়োজিত ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতে বুধবাৰে পুৱাই দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । তেৰচ গোৱালাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় । ইফালে বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় । তেৰচ গোৱালাৰ বাসগৃহতে পুৱাৰ জলপান গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :26 জানুৱাৰীত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.