ETV Bharat / state

সোণাৰিত বন্দুকসহ দুই নগা দুৰ্বৃত্ত আটক

author img

By

Published : Mar 2, 2021, 12:59 PM IST

সোণাৰিত বন্দুক সহ দুই নগা দুৰ্বৃত্ত আটক
সোণাৰিত বন্দুক সহ দুই নগা দুৰ্বৃত্ত আটক

টিংখাং-চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বন্দুকসহ দুই নগা দুৰ্বৃত্তক আটক ৷ এখন বাইকত নগা দুৰ্বৃত্ত দুটা নাগালেণ্ডৰ ফালৰ পৰা আহি থকা প্ৰত্যক্ষ কৰি নিৰাপত্তা বাহিনীৰ দলটোৱে ৰখাই তালাচী কৰোতে এটা 9 MM পিষ্টল আৰু চাৰি জাই সজীৱ গুলী উদ্ধাৰ কৰে ।

টিংখাং,2 মাৰ্চঃ টিংখাং-চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে পুৱাৰ ভাগত বন্দুকসহ দুই নগা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হৈছে । নাগালেণ্ডৰ মন জিলাৰ পৰা অহা নগা দুৰ্বৃত্তৰ দল এটাই পিষ্টল বিক্ৰী কৰিবৰ কাৰণে নামতোলালৈ আহি থকাৰ সম্ভেদ পাই নিৰাপত্তাৰক্ষীৰ দলটোৱে নামতোলাত খাপ পিটি আছিল । এখন বাইকত নগা দুৰ্বৃত্ত দুটা নাগালেণ্ডৰ ফালৰ পৰা আহি থকা প্ৰত্যক্ষ কৰি নিৰাপত্তা বাহিনীৰ দলটোৱে ৰখাই তালাচী কৰোতে এটা 9 MM পিষ্টল আৰু চাৰি জাই সজীৱ গুলী উদ্ধাৰ কৰে ।

আটক কৰা নগা দুৰ্বৃত্ত দুটাৰ নাম ৱাংযেন কন্যাক (৩৯) আৰু মানাই কন্যাক (৩৫) ৷ প্ৰাপ্ত তথ্য অনুসৰি, দুয়োৰে ঘৰ মন জিলাৰ টিজিতত বুলি জানিব পৰা গৈছে । আটকাধীন দুই বন্ধুক সৰবৰাহকাৰীক নামতোলা আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে ।

লগতে পঢ়কঃ দিনটোৰ বিশেষ ৰাজনৈতিক খবৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.