ETV Bharat / state

কংগ্ৰেছ এৰি বিজেপিলৈ নাযায় অংকিতা দত্ত

author img

By

Published : Aug 26, 2022, 1:23 PM IST

Ankita Dutta
Ankita Dutta

যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈ উঠা কংগ্ৰেছ নেত্ৰীগৰাকীক দললৈ নিবলৈ চেষ্টা কৰি আছে বিজেপি দলে (BJP trying to joined Congress leader Ankita Dutta) । বৃহস্পতিবাৰে চৰাইদেউৰ সোণাৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ (Ankita Dutta protest against price hike) কৰিবলৈ আহি যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই বিজেপিয়ে অফাৰ দিয়াৰ পাছতো তেওঁ কিয় কংগ্ৰেছ দল এৰা নাই সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰে (Ankita Dutta denied to join BJP) ।

মৰাণ, ২৬ আগষ্ট : ৰাজ্যত কংগ্ৰেছ দলক অস্তিত্বহীন কৰাৰ বাবে উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি । কংগ্ৰেছৰ এজনৰ পাছত আন এজন নেতাক দলত যোগদান কৰাই কংগ্ৰেছ দলক শক্তিহীন কৰিবলৈ চেষ্টা কৰি আছে বিজেপি নেতৃবৰ্গই (Congress leader joined BJP)। শেহতীয়াকৈ এই তালিকাত চৰ্চালৈ আহিছে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত (Assam Youth congress President Ankita Dutta) ।

যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈ উঠা কংগ্ৰেছ নেত্ৰীগৰাকীক দললৈ নিবলৈ চেষ্টা কৰি আছে বিজেপি দলে । বৃহস্পতিবাৰে চৰাইদেউৰ সোণাৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ (Ankita Dutta protest against price hike) কৰিবলৈ আহি যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই বিজেপিয়ে অফাৰ দিয়াৰ পাছতো তেওঁ কিয় কংগ্ৰেছ দল এৰা নাই সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰে (Ankita Dutta denied to join BJP) ।

কংগ্ৰেছ এৰি বিজেপিলৈ নাযায় অংকিতা দত্ত

এই সন্দৰ্ভত অংকিতা দত্তই কয়, "কংগ্ৰেছ দলত কাম কৰাৰ বাবে স্বাধীনতা পাইছোঁ । কংগ্ৰেছত কি খাম , ক'লৈ যাম , কি কৰিম তাত কোনো ধৰণৰ বাধা নাই । কংগ্ৰেছত থাকিলে নিজৰ ধৰ্মক সন্মান কৰি আনৰ ধৰ্মক ভাল পাব পৰাৰ সুবিধা আছে (Ankita Dutta do not leave congress) । কিন্তু বিজেপিত এই পৰিৱেশ নাই বাবে বিজেপিলৈ যোৱা নাই ।" আনহাতে, সোণাৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে (Ankita Dutta slams Assam Government) ।

উল্লেখ্য, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সভানেত্ৰী হিচাবে অংকিতা দত্তই (Ankita Dutta Assam Youth congress President) দায়িত্বভাৰ গ্ৰহণ কৰে । দায়িত্বভাৰ গ্ৰহণ কৰি নৱনিযুক্ত সভানেত্ৰী অংকিতা দত্তই কৈছিল যে তেওঁৰ পিতৃ প্ৰয়াত অঞ্জন দত্তই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আলফাৰ দৰে সংগঠনৰ সৈতে মুখামুখী হৈ কংগ্ৰেছ দলৰ ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।

উক্ত দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Congress president Bhupen Bora), সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি (ALL India Youth Congress), সম্পাদক অজয় শিকাৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল বাটিন খণ্ডকাৰ, ডাঃ আছিফ নজৰ, প্ৰীতম কৰ্মকাৰ, চৰিফা ৰহমান, কৃষ্ণা দাস প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ নেতা ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল তেজপুৰৰ মিনাক্ষী গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.