ETV Bharat / state

আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী বিমল বৰাই

author img

By

Published : Aug 14, 2022, 9:21 PM IST

Anganbadi centre inaugurated by Minister Bimal Borah at Tingkhong
আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী বিমল বৰাই

টিংখাঙত শনিবাৰে মন্ত্ৰী বিমল বৰাই কণ কণ শিশুসকলৰ বাবে 4 টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু অন্যান্য মন্ত্ৰী-বিধায়কে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কেইবাটাও অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে (Anganbadi centre inaugurated by Minister Bimal Borah at Tingkhong) ৷

টিংখাং, 14 আগষ্ট: "সমগ্ৰ অসমতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত 1000 টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৷ আজি টিংখাং সমষ্টিতো প্ৰায় 11 টাকৈ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি উলিওৱা হ’ল ৷ আজিৰ পৰা আমি দুটা অংগনৱাড়ী কেন্দ্ৰ ৰাইজৰ হাতত গতাই দিব পৰাকৈ উদ্বোধন কৰিছো ৷ অহা 16 আগষ্টত আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে পুনৰ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিম ৷" টিংখাঙত শনিবাৰে মন্ত্ৰী বিমল বৰাই কণ কণ শিশুসকলৰ বাবে 4 টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰি এইদৰে মন্তব্য কৰে (Anganbadi centre inaugurated by Minister Bimal Borah) ৷

আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী বিমল বৰাই

স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু অন্যান্য মন্ত্ৰী-বিধায়কে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কেবাটাও অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ৷ ইয়াৰে অংশস্বৰূপে ডিব্ৰুগড় জিলাৰ টিংখাঙত মন্ত্ৰী বিমল বৰাই মুকলি কৰে কণ কণ শিশু সকলৰ বাবে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ৷

মন্ত্ৰী বৰাই মাতৃ ঘনকান্তি বড়াৰ হাতেৰে ২ নং কেছেৰুগুৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ শুভাৰম্ভণি কৰাৰ পিছতে মাহমৰা আলি কিনাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, টিংখাং চাহ বাগিচা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, চোৰাতনীবাম আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰীজনৰ সৈতে উপস্থিত থাকে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত , টিংখাং সমষ্টিৰ ৰাজহ চক্ৰ বিষয়া কৌস্তৱ কলিতাকে প্ৰমুখ্যে কেবাগৰাকী গণ্যমান্য ব্যক্তিয়ে ৷

ইফালে বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে অসমত এই পৰ্যায়ত 2000 টা অংগনৱাড়ী কেন্দ্ৰৰ গঢ়ি তোলাৰ কাম হাতত লোৱা হৈছে ৷ ভৱিষ্যতে সমগ্ৰ অসমত 15,000 টা অংগনৱাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা গঢ়ি তোলা হ’ব ৷ লগতে ৰাজ্যৰ চাহ বাগিচাসমূহৰ কাৰণে চলিত বৰ্ষত 800 টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছে ৷

লগতে পঢ়ক: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিহালীত AJYPৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.